ৰাষ্ট্ৰীয়

আজি দেশে লাভ কৰিব নতুন সংসদ ভৱন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বহু বাদ-বিবাদৰ অন্তত দেওবাৰে দেশে লাভ কৰিব নতুন সংসদ ভৱন । প্ৰধানমন্ত্ৰী মোডীয়ে কৰিব ভৱনটোৰ উদ্বোধন । "এক ভাৰত শ্ৰেষ্ঠ ভাৰত" দৰ্শন আগত ৰাখি নিৰ্মাণ কৰা হৈছে নতুন ভৱনৰ । বিট্ৰেছে নিৰ্মাণ কৰা সংসদ ভৱনৰ পৰিৱৰ্তে এতিয়াৰে পৰা নতুন সংসদ ভৱনত প্ৰণয়ন হ'ব আইন। আজি পুৱা ৭. বাজি ১৫ মিনিটৰ পৰা আৰম্ভ হৈ ২ বজালৈ চলিব নতুন সংসদ ভৱনৰ উদ্ধোধনী অনুষ্ঠান ।

উল্লেখযোগ্য যে চাৰিমহলীয়া এই ভৱনটোৰ নিৰ্মাণত ব্যয় হৈছে ৮৬২ কোটি টকা । নতুন ভৱন নিৰ্মাণ কামৰ দায়িত্ব দিয়া হৈছিল টাট প্ৰপাৰ্টিজ লিমিটেডক । ২০২০ চনত শিলান্যাস হোৱা ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন হৈছে ২৯ মাহত ।

এই ভৱনটোত মুঠ ১২৭২ জন সাংসদে একেলগে বহিব পাৰিব । নতুন ভৱনটোত মুঠ তিনিখন মূল দ্বাৰ আছে । সেইকেইখন হৈছে জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্ম দ্বাৰ । তদুপৰি দেশৰ ভৱনটোত দেশৰ সকলো স্থানকে সমানে প্ৰতিনিধিত্ব কৰাৰ ব্যৱস্থা কৰা হৈছে ।

বিৰোধী দল কংগ্ৰেছকে ধৰি ১৫ টাতকৈও অধিক বিৰোধী দলে উদ্বোধনী অনুষ্ঠানৰ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ বিপৰীতে ২৫ টাকৈ বিৰোধী দলে অংশগ্ৰহণ কৰিব আজিৰ অনুষ্ঠানত ।