ৰাষ্ট্ৰীয়

দেশৰ ১১৩২ জন কৰ্মীলৈ ৰাষ্ট্ৰপতিৰ সেৱা-সাহসিকতা পদক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি দেশত পালন কৰা হৈছে ৭৫ সংখ্যক গণৰাজ্য দিৱস। দেশৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। দিল্লীত কৰ্তব্য পথত ত্ৰিৰংগা উৰুৱাব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। 

৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশৰ বিভিন্ন ক্ষেত্ৰত নিষ্ঠা আৰু সততাৰে কৰ্তব্য পালন কৰি বীৰত্ব প্ৰদৰ্শন কৰা ১১৩২ জন কৰ্মীক আগবঢ়োৱা হ’ব ৰাষ্ট্ৰপতিৰ সেৱা-সাহসিকতা পদক। দেশৰ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনমূলক সেৱাসমূহৰ বাবে এই পদক প্ৰদান কৰা হৈছে। প্ৰদান কৰা পদকসমূহৰ হৈছে- বীৰত্বৰ বাবে ৰাষ্ট্ৰপতিৰ পদক ,বীৰত্বৰ পদক ,বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক আৰু উৎকৃষ্ট সেৱা পদক ।

সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰয়াত সানৱালা ৰাম বিষ্ণৈ আৰু প্ৰয়াত শিশুপাল সিঙক মৰণোত্তৰভাৱে ৰাষ্ট্ৰপতিৰ বীৰত্বৰ পদক প্ৰদান কৰা হৈছে । ইয়াৰ উপৰি অসমৰ মুঠ ১৫ জনলৈ ৰাষ্ট্ৰপতিৰ সেৱা-সাহসিকতা পদক আগবঢ়োৱা হৈছে। ADGP সুৰেন্দ্ৰ কুমাৰলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতি বিশিষ্ট সোৱা পদক আন ১৪ জনলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা পদক।