ৰাষ্ট্ৰীয়

অসমৰ লগতে মুঠ ১৩ ৰাজ্যই লাভ কৰিলে নতুন ৰাজ্যপাল, কোনে, ক'ত পালে নিযুক্তি...

Asomiya Pratidin

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে ১৩ খন ৰাজ্যৰ বাবে নিযুক্তি দিয়ে নতুন ৰাজ্যপালক। কেন্দ্ৰ চৰকাৰে প্ৰস্তাৱ কৰা নামবোৰত অনুমোদন জনাই ৰাষ্ট্ৰপতি গৰাকীয়ে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰী আৰু লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ ৰাধা কৃষ্ণন মাথুৰৰ পদত্যাগ গ্ৰহণ কৰিছিল। ইয়াতো নতুন নিযুক্তি দিয়া হৈছে। নতুন ৰাজ্যপাল নিযুক্তি পোৱা ৰাজ্য সমূহৰ ভিতৰত অসমো আছে।

নতুন ৰাজ্যপাল লাভ কৰা ৰাজ্য সমূহ-

অসমঃ  অসমৰ ৰাজ্যপাল হিচাপে গুলাব চান্দ কাটাৰিয়াক নিযুক্তি।

চিক্কিমঃ ছিকিমৰ ৰাজ্যপাল হিচাপে লক্ষ্মণ প্ৰসাদ আচাৰ্যক নিযুক্তি।

ঝাৰখণ্ডঃ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে চি.পি. ৰাধাকৃষ্ণণক নিযুক্তি।

হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে শিৱ প্ৰতাপ শুক্লাক নিযুক্তি।

অন্ধ্ৰপ্ৰদেশঃ অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে এছ আব্দুল নাজিৰক নিযুক্তি।

চট্টীশগড়ঃ অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল বিশ্ব ভূষান হৰিচন্দনক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

মণিপুৰঃ ছত্তীশগড়ৰ ৰাজ্যপাল অনুচুয়া উইকিয়ে মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি।

নাগালেণ্ডঃমণিপুৰৰ ৰাজ্যপাল লা গণেশনক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

মেঘালয়ঃ বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি।

বিহাৰঃ হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি।

মহাৰাষ্ট্ৰঃ ঝাৰখণ্ডৰ ৰাজ্যপাল ৰমেশ বাইছক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

লাডাখঃ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বি.ডি. মিশ্ৰ (অৱসৰপ্ৰাপ্ত) লাডাখৰ উপ-ৰাজ্যপাল হিচাপে নিযুক্তি।

আৰু পঢ়ক: কেইদিনমান পূৰ্বে প্ৰেমিকৰ লগত পলাই যোৱা নাবালিকাৰ ৰহস্যজনক মৃত্যু...