ফাইল ফটো
ফাইল ফটো 
ৰাষ্ট্ৰীয়

আগৰ চৰকাৰবোৰত, অনুসূচীত জাতি আৰু অ'বিচি পৰিয়ালবোৰক বস্তিত বাস কৰিবলৈ বাধ্য কৰা হৈছিল : নৰেন্দ্ৰ মোডী

Asomiya Pratidin

ডিজিটেল ডেস্ক : "মোডী চৰকাৰৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে অনুসূচীত জাতি, জনজাতি আৰু অ'বিচি পৰিয়াল। আগৰ চৰকাৰবোৰত, অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচি পৰিয়ালবোৰক বস্তিত বাস কৰিবলৈ বাধ্য কৰা হৈছিল, তেওঁলোকৰ বিদ্যুৎ আৰু পানীৰ সুবিধা নাছিল।

তেওঁলোকে চৰকাৰৰ সকলো আশা হেৰুৱাই পেলাইছিল। - এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। শনিবাৰে কৰ্ণাটকৰ চিক্কাৱাল্লাপুৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত উপস্থিত থাকি প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে।

লগতে তেঁও উল্লেখ কৰে যে কংগ্ৰেছৰ দৰে দুৰ্বল ৰাজনীতি ভাৰতীয় জনতা পাৰ্টী তথা এন ডি এ চৰকাৰে নকৰে। কৰ্ণাটকে যে এনডিএক মনে প্ৰাণে সমৰ্থন কৰে সেই কথা নৰেন্দ্ৰ মোডী জ্ঞাত বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

উল্লেখ্য  প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পাচত অহা ২৬এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। সেয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে চিক্কাৱাল্লাপুৰ সমষ্টিত আয়োজিত এক বিশাল জনসভা সম্বোধন কৰে। এই সভাত প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে জেডিএছৰ মুৰব্বী এইচ ডি দেৱগৌড়া তথা ভালেকেইগৰাকী নেতাই।

উক্ত সভাত কেইবা সহস্ৰাধিক লোকৰ উপৰি দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে।