ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী মোডীয়ে ফ্লেগ অফ কৰিলে ৯খন নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : সৰ্বসাধাৰণৰ সুবিধাৰ্থে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ফ্লেগ অৱ কৰিলে ৯খন বন্দে ভাৰত এক্সপ্ৰেছৰ। দেশৰ জনসাধাৰণে যাতে ধৰ্মীয় স্থান আৰু পৰ্যটন ক্ষেত্ৰসমূহলৈ এক সুস্থিৰ পৰিৱেশৰ মাজেৰে যাত্ৰা কৰিব পাৰে তাৰ সহায়ক হোৱাকৈ ৯খন অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ যাত্ৰাৰ বাবে শুভ উদ্বোধন কৰে।

বিভিন্ন সা-সুবিধা উপলব্ধ এইকেইখন ৰে'লে দেশৰ ১১ খন ধৰ্মীয় স্থানসহ পৰ্যটন ক্ষেত্ৰক সংযোগ কৰিব। মূলতঃ বন্দে ভাৰত এক্সপ্ৰেছে তামিলনাডু,ৰাজস্থান,তেলেংগানা,অন্ধ্ৰপ্ৰদেশ,কৰ্ণাটক,ঝাৰখণ্ড,গুজৰাট,ঊৰিষ্যা,বিহাৰ,কেৰালা আৰু পশ্চিম বংগৰ ধৰ্মীয় আৰু পৰ্যটন স্থানসমূহৰে যাত্ৰীসকলক সংযোগ কৰোৱাব।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ' কনফাৰেন্সযোগে কেউখন ৰে'লৰ শুভ উদ্বোধন কৰে। কমলা ৰঙৰ নতুন বন্দে ভাৰত এক্সপ্ৰেছত যাত্ৰীসকলে পাব পূৰ্বৰ তুলনাত অত্যাধুনিক সা-সুবিধা। যাত্ৰীৰ সময় ৰাহি হোৱাৰ উপৰি খোৱা-থকাৰ ক্ষেত্ৰতো যাত্ৰীয়ে কেতবোৰ সুবিধা লাভ কৰিব।