৭০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে...
৭০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে... 
ৰাষ্ট্ৰীয়

৭০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্ছুৱেলী ৭০ হাজাৰ যুৱক-যুৱতীক প্ৰদান কৰিলে নিযুক্তি পত্ৰ। ভাৰ্ছুৱেলীয়েই তেওঁ সম্বোধন কৰিলে নৱ নিযুক্তি প্ৰাপ্ত ৭০ হাজাৰ যুৱক-যুৱতীক।

অনুষ্ঠানত তেওঁ নিজৰ ভাষণ প্ৰসংগত কয়, ৰাষ্ট্ৰীয় স্তৰত অনুষ্ঠিত হোৱা এই নিযুক্তি মেলা এন ডি এ আৰু বিজেপি চৰকাৰৰ এক নতুন পৰিচয় হৈ পৰিছে। আজি এবাৰ পুনৰ ৭০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে। মই আনন্দিত যে, বিজেপি শাসিত ৰাজ্যচৰকাৰ সমূহেও এইদৰে নিযুক্তি মেলা অনুষ্ঠিত কৰি আহিছে।

তেওঁ কয়, আজি ভাৰতত ব্যক্তিগত আৰু চৰকাৰী খণ্ডত ধাৰাবাহিক ভাৱে চাকৰিৰ এক সুযোগ সৃষ্টি হৈ আহিছে। বৃহত সংখ্যক তৰুণ প্ৰজন্মই স্বনিয়োজনৰ বাবেও আগবাঢ়ি আহিছে। মুদ্ৰা যোজনাৰ অধিনত বেংকে গেৰাণ্টি অবিহনেই কোটিৰ ঘৰত যুৱকক সহায় কৰিছে।

চৰকাৰৰ পৰা সহায় লাভ কৰা যুৱকে আজি আন বহু যুৱকক চাকৰি প্ৰদান কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি তেওঁ কয়, আজি ভাৰত এটা দশকৰ পূৰ্বতকৈ স্থিৰ, বহু সুৰক্ষিত আৰু বহু শক্তিশালী দেশ হৈ পৰিছে।

ৰাজনৈতিক ভ্ৰষ্টাচাৰ, আঁচনিসমূহত খেলিমেলি আৰু জনতা জনাৰ্দনৰ ধনৰ অপব্যৱহাৰ পুৰণি চৰকাৰৰ পৰিচয় হৈ উঠিছিল। আজি ভাৰত চৰকৰৰ পৰিচয় নিৰ্ণায়ক সিদ্ধান্তৰ দ্বাৰা হয়। আজি ভাৰত চৰকাৰৰ পৰিচয় অৰ্থনৈতিক আৰু প্ৰগতিশীল সামাজিক সংস্কাৰৰ দ্বাৰা হয়।

উল্লেখ্য যে, নিয়োগ মেলাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বিভাগৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত নিযুক্তি প্ৰদান কৰিছে। বিত্তীয় সেৱা বিভাগ, ডাক বিভাগ, বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, সুৰক্ষা মন্ত্ৰণালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়, গৃহ বিভাগকে ধৰি বহু কেইটা বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰে।

স্মৰ্তব্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা বৰ্ষৰ ২২ অক্টোবৰত প্ৰায় ১০ লাখ নিযুক্তি দিয়াৰ এক অভিযান আৰম্ভ কৰিছিল। বৰ্তমানলৈকে কেইবাটাও পৰ্যায়ত নিযুক্তি মেলা সম্পন্ন হৈ গৈছে।