ৰাষ্ট্ৰীয়

ৰাজস্থানৰ সভাত মুখ্যমন্ত্ৰী গেহলটক কটাক্ষ প্ৰধানমন্ত্ৰী মোডীৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। বুধবাৰে ৰাজস্থানত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে গেহলটক সমালোচনা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজস্থানত মুখ্যমন্ত্ৰীগৰাকীয়ে আইন-শৃংখলা সম্পূৰ্ণৰূপে ভংগ কৰিছে।

ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তোষণ আৰু নৰম দৃষ্টিভংগীৰ নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দলটোৱে দশকজুৰি যি ধৰণৰ ৰাজনীতিত লিপ্ত হৈ আহিছে তাত দলিত, পিছপৰা আৰু জনজাতীয় সম্প্ৰদায় আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

লগতে তেওঁ ৰাজস্থানত কংগ্ৰেছত হোৱা আভ্যন্তৰীণ কন্দলক সমালোচনা কৰি কয় যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিধায়কসকলক বিশ্বাস নকৰে আৰু বিধায়কসকলেও তেওঁলোকৰ মুখ্যমন্ত্ৰীক বিশ্বাস নকৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে বিগত ৫ বছৰ ধৰি ৰাজস্থানত এক অশুভ ৰাজনৈতিক যুঁজ দেখা গৈছে। য'ত মুখ্যমন্ত্ৰীয়ে আন কাম-কাজবোৰৰ প্ৰতি পিঠি দি নিজৰ আসনখন বচাবলৈ উঠি-পৰি লাগিছে।