ৰাষ্ট্ৰীয়

হৃদয় বিদাৰকঃ গৰাকীৰ ভুলৰ বাবেই প্ৰাণ গ'ল এটি প্ৰভুভক্তৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি কালি বহু লোকেৰ পৰিয়ালৰ সদস্যৰ তালিকাত স্থান পাই প্ৰভুভক্ত কুকুৰে । কুকুৰ প্ৰেমী সকলে ফুৰিবলৈ গ'লেও লগত লৈ যোৱা দেখা যায় । শেহতীয়াকৈ গৰাকীৰ ভুলৰ বাবেই এটা কুকুৰৰ মৃত্যু হোৱা ঘটনাই সকলোকে ব্যৰ্থিত কৰি তুলিছে ।

খবৰ অনুসৰি হাৰিয়ানৰ পৰা আগ্ৰালৈ ফুৰিবলৈ যাওঁতে এজন লোকে লগত লৈ গৈছিল নিজৰ পোহনীয়া কুুকুৰটো । গৃহস্থই নিজৰ পোহনীয়া কুকুৰটোক আগ্ৰাৰ তাজমহল চাবলৈ গৈ পাৰ্কিঙতে গাড়ীৰ ভিতৰত থৈ যায় । উৎকট গৰম সহ্য কৰিব নোৱাৰি, গ্লাছ মাৰি থৈ যোৱাৰ ফলত উশাহ ল'ব নোৱাৰি মৃত্যুমুখত পৰে কুকুৰটো ।

কুকুৰটোৰ গাড়ীত আৱদ্ধ হৈ মৃত্যু হোৱাৰ দৃশ্য ইতিমধ্যেই চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ঘটনাৰ পিছতেই সকলোৱে গৰাকীৰ কাণ্ড জ্ঞানহীনতাক একেমুখেই গৰিহনা দিছে ।