আজি নতুন সংসদ ভৱনত প্ৰৱেশ কৰিব সাংসদসকলঃ পুুৰণি সংসদ ভৱনত ফটো ছেচন...
আজি নতুন সংসদ ভৱনত প্ৰৱেশ কৰিব সাংসদসকলঃ পুুৰণি সংসদ ভৱনত ফটো ছেচন... 
ৰাষ্ট্ৰীয়

আজি নতুন সংসদ ভৱনত প্ৰৱেশ কৰিব সাংসদসকলঃ পুুৰণি সংসদ ভৱনত ফটো ছেচন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিৰে পৰা অতীত হ'ব পুৰণি সংসদ ভৱন। গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত পুৰণি সংসদ ভৱন এৰি সাংসদসকলে আজি প্ৰৱেশ কৰিব নতুন সংসদ ভৱনত।

ইয়াৰ পূৰ্বে পুৱাৰে পৰা আজি পুৰণি সংসদ ভৱনত অনুষ্ঠিত হৈছে ফটো ছেচন অনুষ্ঠান। সকলো সাংসদ একেলগে বহি এই ফটো ছেচনত অংশগ্ৰহণ কৰিছে। এই ফটো ছেচনত দেখা গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী সকলোতকৈ পিছত থিয় হৈছে।

ফটো ছেচনৰ অন্তত নতুন সংসদ ভৱনত ১১ বজাৰ পৰা বিশেষ অধিৱেশনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব। এই কাৰ্যক্ৰমণিকা প্ৰায় ডেৰ ঘণ্টা ধৰি চলিব। ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যক্ৰমণিকাত ভাৰতৰ সমৃদ্ধৰ ঐতিহ্যক স্মৰণ কৰাৰ লগতে ২০৪৭ লৈ ভাৰতৰ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ সংকল্প লোৱা হ'ব।

এই অনুষ্ঠানত ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকল একত্ৰিত হোৱাৰ লগতে এই সভাত ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অধ্যক্ষতা কৰিব।

ইয়াৰোপৰি এই সমাৰোহত তিনিগৰাকী বিশেষ সাংসদে নিজৰ বক্তব্য ৰাখিব। ইফালে নতুন সংসদ ভৱনত সাংসদসকল প্ৰৱেশ কৰাৰ পূৰ্বে গণেশ পূজা সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতহে সদনৰ কাম-কাজ আৰম্ভ হ'ব।