ৰাষ্ট্ৰীয়

পুনৰ মুখথেকেচা পাকিস্তানী চোৰাংচোৰাৰ...

Asomiya Pratidin

ডিজিটেল জেস্ক: পুনৰ মুখথেকেচা পাকিস্তানী চোৰাংচোৰাৰ। দেওবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখা অৰ্থাত এল অ’চি ওচৰত ভাৰতীয় সেনাই আটক কৰিবলৈ সক্ষম হয় পাকিস্তানী চোৰাংচোৰাক। এল অ’চি সমীপৱৰ্তী এলেকাত ১৭ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী চোৰাং ভাৱে সৰবৰাহ কৰাৰ সময়তে ভাৰতীয় সেনাৰ হাতত ধৰা পৰে চোৰাংচোৱা বাহিনী। এই কথা প্ৰকাশ কৰে ভাৰতীয় সেনাৰ এজন প্ৰতিৰক্ষা মুখপাত্ৰই।

উল্লেখ্য যে, এই ঘটনাৰে জড়িত এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী ভাৰতীয় সেনাৰ গুলীত নিহত হোৱাৰ বিপৰীতে দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জম্মুস্থিত সেনাৰ পিআৰঅ' লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে দিয়া ঘটনাৰ বিৱৰণ অনুসৰি, শনিবাৰে নিশা প্ৰায় ১০.১৫ বজাত এলঅ'চিৰ ওচৰত সৈন্যবাহিনীয়ে তিনিজনীয়া ব্যক্তিৰ এটা দলৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে। অনুপ্ৰৱেশকাৰী কেইজনে মাজনিশা এলঅ'চি অতিক্ৰম কৰাৰ পিছতে সতৰ্ক সেনাই অনুপ্ৰৱেশকাৰী দলটোৰ চলাচল নিৰন্তৰ পৰ্যৱেক্ষণ কৰিছিল।

ইয়াৰ পাছতে নিশা প্ৰায় ২ বজাত,  দলটোয়ে পুনৰ সীমাৰ ওচৰচাপি উভতি যোৱাৰ চেষ্টা কৰাৰ সময়ত সেনাৰ সতৰ্কতা দেখি পলায়ন কৰিব খোজেতেই সেনাৰ গুলিত এজন নিহত হয় আৰু বাকী দুজনে আত্মসমৰ্ণ কৰে। এই অভিযান প্ৰায় ১৭ কিলোগ্ৰাম ওজনৰ ১৪ পেকেট নিচাজাতীয় সামগ্ৰী, পাকিস্তানী মুদ্ৰা, কিছু নথিপত্ৰ আৰু খোৱা সামগ্ৰী থকা তিনিটা মোনা উদ্ধাৰ কৰে। উল্লেখ্য যে, নিহত অনুপ্ৰৱেশকাৰীজন হ’ল শ্বৰীফ কোহলী (৪৫) আৰু গ্ৰেপ্তাৰ কৰা সহযোগীকেইজন ক্ৰমে চাকিল চৌধুৰী (৩২) আৰু তাৰিক কোহলী (৪০) বুলি চিনাক্ত কৰা হৈছে।