ৰাষ্ট্ৰীয়

ভাৰতৰ বিপদৰ সময়ত মাত দিলে তালিবানেওঃ পাকিস্তানে ক'লে আমাক শোকাহত কৰিছে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সন্ত্ৰাসেই যি দেশৰ ধৰ্ম, সেই দেশেও ভাৰতৰ বিপদৰ সময়ত প্ৰকাশ কৰিলে সহমৰ্মিতা। ক’লে আমি ভাৰতৰ লগত আছো। শতিকাৰ সৰ্ববৃহৎ ৰে'ল দুৰ্ঘটনা সংঘটিত হ'ল উৰিষ্যাৰ বালাছৰত।

অনানুষ্ঠানিক তথ্য অনুসৰি এই পৰ্যন্ত ৩০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। হাস্পতালত ভৰ্তি হৈ আছে ৬৫০ জনৰো অধিক লোক। মুঠ আহতৰ সংখ্যাই অতিক্ৰম কৰিছে ৯০০ ৰো অধিক সীমা।

এনে এক দুৰ্যোগৰ সময়ত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই ভাৰতলৈ সহমৰ্মিতা প্ৰকাশ কৰিছে। তাৰ মাজতে সকলোকে আচৰিত কৰি সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক হিচাপে বিশ্বতে পৰিচিতি লাভ কৰা চুবুৰীয়া পাকিস্তান আৰু তালিবানৰ শাসনত থকা আফগানিস্তানেও ভাৰতৰ এই দুৰ্যোগৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰিছে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলৱাল ভুট্টো জৰদাৰিয়ে এক বিবৃতিত কৈছে, উৰিষ্যাৰ ভয়াবহ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বহুত। এই খবৰে পাকিস্তানক শোকাহত কৰিছে। মৃতকৰ পৰিয়াললৈ সমবেদনা জনাইছো। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো।

আনহাতে আফগানিস্তানৰ তালিবান চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰাও শোক প্ৰকাশ কৰিছে। তেওঁলোকে জাৰি কৰা এক বিবৃতিত কৈছে, উৰিষ্যাৰ ভয়াৱহ দুৰ্ঘটনাত হতাহতৰ সংখ্যা শতাধিক। শোক প্ৰকাশৰ ভাষা নাই। মৃতকৰ লগতে আহতৰ পৰিয়াললৈ আফগানিস্তানৰ সমবেদনা থাকিল।

ইফালে উৰিষ্যাৰ এই ৰেল দুৰ্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে বিশ্বৰ আন আন ৰাষ্ট্ৰয়ো। কানাডা, নেপালকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰনেতাই শোক প্ৰকাশ কৰি সমবেদনা জনোৱাৰ লগতে শোক বাৰ্তা প্ৰেৰণ কৰিছে।