দিলীপ মহালানাবিচ, মুলায়ম সিং যাদৱ
দিলীপ মহালানাবিচ, মুলায়ম সিং যাদৱ 
ৰাষ্ট্ৰীয়

মুলায়ম সিং যাদৱ,দিলীপ মহালানাবিচকে ধৰি মুঠ ৬ গৰাকীলৈ 'পদ্মবিভূষণ'

Asomiya Pratidin

ডিজিটেল ডেস্ক: গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত চৰকাৰে ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ পদ্ম বঁটা। দেশৰ মুঠ ১০৬ গৰাকী বিশিষ্ট ব্যক্তিৰ বাবে ঘোষাণা কৰা হয় এই বঁটা। ইয়াৰে ৬ গৰাকীলৈ পদ্মবিভূষণ, ৯ গৰাকীলৈ পদ্মভূষণ আৰু ৯১ গৰাকীলৈ পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচন কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৱে এই বঁটাৰ বাবে অনুমোদন জনায়।

দেশৰ ৬ গৰাকীৰ ভিতৰত ৩ গৰাকীক মৰণোত্তৰ ভাৱে পদ্মবিভূষণ বঁট প্ৰদান কৰা হয়। ২০২৩ বৰ্ষৰ পদ্মবিভূষণ প্ৰাপক সকল ক্ৰমে- ৱালকৃষ্ণ দোছী (মৰণোত্তৰ ভাৱে), জাকিৰ হুচেইন, এছ এম কৃষ্ণ, দিলীপ মহালানাবিচ (মৰণোত্তৰ ভাৱে), শ্ৰীনিবাস বৰ্দ্ধন আৰু মুলায়ম সিং যাদৱ(মৰণোত্তৰ ভাৱে)লৈ আগবঢ়োৱা হয় এই সন্মান। যাদৱ সমাজৱাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক আছিল।

ৱালকৃষ্ণ দোছীয়ে সাহিত্য ক্ষেত্ৰলৈ আগবঢ়াই যোৱা অৱদানৰ বাবে তেওঁক মৰণোত্তৰ ভাৱে পদ্মবিভূষণ আগবঢ়োৱা হয়।

জাকিৰ হুচেইনক কলা ক্ষেত্ৰ, এছ এম কৃষ্ণক ৰাজহুৱা ক্ষেত্ৰ, দিলীপ মহালানাবিচ (মৰণোত্তৰ ভাৱে) স্বাস্থ্য ক্ষেত্ৰ, শ্ৰী নিৱাস বৰ্দ্ধনক বিজ্ঞান ক্ষেত্ৰ আৰু মুলায়ম সিং যাদৱ(মৰণোত্তৰ ভাৱে)ক সমাজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়।

পদ্ম বঁটা - দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত অন্যতম। কলা, সামাজিক কাম, ৰাজহুৱা বিষয়, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, স্বাস্থ্যক্ষেত্ৰ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদিৰ দৰে বিভিন্ন শাখাত আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী নামৰ তিনিটা শ্ৰেণীত এই বঁটা প্ৰদান কৰা হয়।


আৰু পঢ়ক: পদ্ম বঁটা ২০২৩ঃ মুখাশিল্পীৰ পৰা শিপিনী লৈ, অসমৰ ৩ গৰাকীলৈ 'পদ্মশ্ৰী'