OYO ৰ প্ৰতিষ্ঠাপকৰ ঘৰত কান্দোনৰ ৰোল : মাত্ৰ ৪ দিন পূৰ্বে ঘৰখনত আছিল বিয়া...
OYO ৰ প্ৰতিষ্ঠাপকৰ ঘৰত কান্দোনৰ ৰোল : মাত্ৰ ৪ দিন পূৰ্বে ঘৰখনত আছিল বিয়া... 
ৰাষ্ট্ৰীয়

OYO ৰ প্ৰতিষ্ঠাপকৰ ঘৰত কান্দোনৰ ৰোল : মাত্ৰ ৪ দিন পূৰ্বে ঘৰখনত আছিল বিয়া...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এক কৰুণ ঘটনাৰ বলি সাক্ষী হ'ল OYO ৰ প্ৰতিষ্ঠাপক ৰীতেশ আগৰৱাল। আগৰৱালৰ পিতৃ ৰমেশ আগৰৱাল এটা মাল্টিষ্টৰী বিল্ডীঙৰ ২০ মহলাৰ পৰা পৰি মৃত্যু হোৱা ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।

এই ঘটনা সংঘটিত হৈছে গুৰগাঁৱৰ ডি এল এফ ক্ৰিষ্টা চ'ছাইটিত। উল্লেখ্য যে মাত্ৰ ৪ দিন পূৰ্বে ৰীতেশ আগৰৱাল বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ আনন্দ মাৰ নৌযাওঁতেই ৰীতেশৰ ঘৰখনত এতিয়া উঠিছে কান্দোনৰ ৰোল।

যিসময়ত এই কৰুণ ঘটনা সংঘটিত হৈছে সেই সময়ত ৰীতেশ আৰু তেওঁৰ নৱ বিবাহিত পত্নী মাকৰ সৈতে ঘৰতেই আছিল। ফৰ্মেচন ভেঞ্চাৰৰ সঞ্চালক জিয়ানছা সুদৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ৰীতেশ আগৰৱালৰ পিতৃয়ে এইদৰে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই এতিয়া সৰ্বস্তৰতে চৰ্চা লাভ কৰিছে।

এই ঘটনা সন্দৰ্ভত ৰীতেশ আগৰৱালে সংবাদ মাধ্যমৰ আগত কয়, পিতৃৰ মৃত্যু পৰিয়ালৰ বাবে এক বৃহৎ ক্ষতি। লগতে তেওঁ কয়, দেউতা সদায় আমাৰ হৃদয়ত থাকিব।