ৰাষ্ট্ৰীয়

দেশত ১০,০০০তকৈ অধিক শিশু ৰাজপথত বাস কৰেঃ কেন্দ্ৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: দেশখত ১০,০০০ তকৈও অধিক শিশুৱে তেওঁলোকৰ পৰিয়ালৰ সৈতে ৰাজপথত বাস কৰি আছে- শুকুৰবাৰে এই তথ্য দাঙি ধৰে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ।

লোকসভাত এক প্ৰশ্নৰ উত্তৰ দি মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে বাল স্বৰাজ পৰ্টেলৰ পৰা তথ্য প্ৰদান কৰে। য'ত কোৱ হয় দেশৰ পদপথত বাস কৰা শিশুৰ সংখ্যা ১০,০০০তকৈ অধিক।

তথ্য অনুসৰি দেশখনত ৰাজপথত ১৯,৫৪৬ টা শিশু আছে , যাৰ ভিতৰত ১০,৪০১ টা শিশু ৰাস্তাত তেওঁলোকৰ পৰিয়ালৰ সৈতে বাস কৰি আছে। আনহাতে ৮২৬৩ টা শিশু দিনত ৰাস্তাত থাকে আৰু ওচৰৰ বস্তিত বাস কৰা তেওঁলোকৰ পৰিয়ালৰ সৈতে নিশা ঘৰলৈ উভতি আহে।

ইয়াৰোপৰি ৮৮২ টা শিশু অকলে বা কাৰো সহায় অবিহনে ৰাজপথত থাকে।

আৰু পঢ়ক: মহানগৰীত কৰ্তব্যৰত যান-বাহন আৰক্ষীক প্রহাৰ মেজিক চালকৰ