ৰাষ্ট্ৰীয়

কাৰ ভুলৰ বাবে কেনেকৈ সংঘটিত হ'ল দেশৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনা? বৰ্তমান পৰ্যন্ত ২৮০ জনৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উৰিষ্যাৰ বালাছোৰত শুকুৰবাৰে সংঘটিত হোৱা ভয়ংকৰ ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। মূহুৰ্তৰ ভিতৰতে নিশেষ হৈ গ'ল সকলো। কেইবাটাও পৰিয়াললৈ নামি আহিছে অমানিশা। বিৰোধীয়ে কৰা অভিযোগ অনুসৰি 'ভুল নিৰ্দেশনা'ৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে।

এই দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত প্ৰায় ২৮০ গৰাকীকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৯০০ ৰো অধিক যাত্ৰী আহত হয়। মৃতকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা আছে। ৩ খন ৰে'লৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

কেনেদৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত ভাৰতীয় ৰেলৱেৰ কাৰ্যকাৰী নিৰ্দেশক অমিতাভ শৰ্মাই জনাই যে দুখন যাত্ৰীবাহী ৰে'ল আৰু এখন ৰখাই থোৱা মালবাহী ৰে'লৰ মাজত এই দুৰ্ঘটনাতো সংঘটিত হয়।

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি সন্ধিয়া ৬.৫৫ বজাত বেংগালুৰু-হাওৰা চুপাৰফাষ্ট ৰেলখন আৰু সন্ধিয়া ৭ বজাত চেন্নাই অভিমুখী কৰমণ্ডেল লাইনচ্যুত হয়। প্ৰথমে কৰমণ্ডেলৰ লাইনচ্যুত ডবাবোৰ মালবাহী ৰে'লক খুন্দা মাৰে । যাৰফলত কেইবাটাও ডবা ওলাই পৰে।

ইয়াৰ পিছত  বেংগালুৰুৰ-হাওৰা- চুপাৰফাষ্ট এক্সপ্ৰেছৰ লাইনচ্যুত ডবাবোৰৰ সৈতে সংঘৰ্ষ হয়। সংঘৰ্ষৰ সময়ত দুয়োখন ৰে'ল তীব্ৰ গতিত চলি আছিল। ২ জুনৰ সন্ধিয়া প্ৰায় ৭ মান বজাত এই ঘটনা সংঘটিত হয়।

ঘটনাৰ পাছৰ পৰা উদ্ধাৰ অভিযান অব্য়াহত আছে যদিও এতিয়াও বহু যাত্ৰী উদ্ধাৰ হোৱা নাই। এই ঘটনা সন্দৰ্ভত ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উচ্চ স্তৰীয় তদন্তৰ নিৰ্দেশ জাৰি কৰিছে।

এই ঘটনাক লৈ একাংশই শোক প্ৰকাশ কৰিছে। তদুপৰি কেন্দ্ৰ চৰকাৰে ইতিমধ্যে নিহত সকলৰ পৰিয়ালৈ ১০ লাখ, গুৰুতৰভাৱে আহতসকলৰ চিকিৎসাৰ বাবে ২ লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত সকললৈ ৫০ হেজাৰকৈ টকাৰ আৰ্থিত সাহাৰ্যৰ কথা ঘোষণা কৰিছে।