ৰাষ্ট্ৰীয়

আৰক্ষীৰ গুলি স্বাস্থ্য মন্ত্ৰীলৈ; চিকিৎসাধীন অৱস্থাত মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্ক: চিকিৎসাধীন অৱস্থাত মৃত্যু হয় উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱ কুমাৰ দাসৰ। দাসলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল এজন কৰ্তব্যৰত আৰক্ষী বিষয়াই। দেওবাৰে জাৰ চুগোধা জিলাৰ গান্ধী চকত এক অনুষ্ঠানত অংশ ল'বলৈ গৈ উপস্থিত হৈছিলগৈ স্বাস্থ্য মন্ত্ৰী গৰাকী দিনৰ প্ৰায় ১ মান বজাত।

সেই সময়তে নিচেই কাষৰ পৰা স্বাস্থ্য মন্ত্ৰী জনলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল আৰক্ষী বিষয়া গৰাকীয়ে। আৰক্ষী সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক গোপাল দাসে এবাৰ নহয়, দুবাৰকৈ স্বাস্থ্য মন্ত্ৰী জনলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰি দৌৰি পলাবলৈ চেষ্টা কৰিছিল।

বুকুত গুলী লগা উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী গৰাকীক এয়াৰ এম্বুলেন্সৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে ভূৱনেশ্বৰলৈ নিয়া হৈছিল যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয় ।

চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতেই উৰিষ্যাৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়কে আহত মন্ত্ৰী গৰাকীৰ স্বাস্থ্য খবৰ লোৱাৰ লগতে এই আক্ৰমণৰ ঘটনাক দুৰ্ভাগ্যজনক আৰু গৰিহনাৰ যোগ্য আখ্যা দিছিল।

এই ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে আৰক্ষীয় বিষয়া গৰাকীক কৰায়ত্ব কৰিছে আৰক্ষীয়ে।

আৰু পঢ়ক: ধন জমা আছে নেকি LIC আৰু SBIত? আদানীৰ লগে লগে ডুবিব পাৰে এই দুই প্ৰতিষ্ঠান