ৰাষ্ট্ৰীয়

উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰীক নিচেই কাষৰ পৰা গুলীয়ালে আৰক্ষীৰ উপ-পৰিদৰ্শকে

Asomiya Pratidin

ডিজিটেল ডেস্ক: উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱ কিশোৰ দাসলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল এজন কৰ্তব্যৰত আৰক্ষী বিষয়াই। জাৰ চুগোধা জিলাৰ গান্ধী চকত এক অনুষ্ঠানত অংশ ল'বলৈ গৈ উপস্থিত হৈছিলগৈ স্বাস্থ্য মন্ত্ৰী গৰাকী দিনৰ প্ৰায় ১ মান বজাত।

সেই সময়তে নিচেই কাষৰ পৰা স্বাস্থ্য মন্ত্ৰী জনলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল আৰক্ষী বিষয়া গৰাকীয়ে। আৰক্ষী উপ পৰিদৰ্শক গোপাল দাসে এবাৰ নহয়, দুবাৰকৈ স্বাস্থ্য মন্ত্ৰী জনলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰি দৌৰি পলাবলৈ চেষ্টা কৰিছিল।

অৱশ্যে স্থানীয় লোকৰ সহযোগত গোপাল দাসক আৰক্ষীয়ে কৰায়ত্ব কৰি নিজৰ জিম্মাত লৈছে। স্বাস্থ্য মন্ত্ৰী নৱ কিশোৰ দাসে গাড়ীৰ পৰা নামি তাত উপস্থিত লোক সকলক সম্ভাষণ কৰিবলৈ লওঁতেই এই ঘটনা সংঘটিত হৈছিল।

বুকুত গুলী লগা উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী গৰাকীক এয়াৰ এম্বুলেন্সৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে ভূৱনেশ্বৰলৈ নিয়া হৈছে। বৰ্তমান তেওঁৰ স্বাস্থ্য সংকটজনক। উৰিষ্যাৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়কে আহত মন্ত্ৰী গৰাকীৰ স্বাস্থ্য খবৰ লোৱাৰ লগতে এই আক্ৰমণৰ ঘটনাক দুৰ্ভাগ্যজনক আৰু গৰিহনাৰ যোগ্য আখ্যা দিয়ে। আৰক্ষীক সমগ্ৰ ঘটনাৰ সঠিক তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

আৰু পঢ়ক: আলফা(স্বা)ৰ প্ৰাক্তন উপ-সেনাধিনায়ক দৃষ্টি ৰাজখোৱাৰ এক্সক্লুচিভ সাক্ষাৎকাৰ...