ৰাষ্ট্ৰীয়

ৰে'ল দুৰ্ঘটনাত মৃতকৰ প্ৰকৃত পৰিসংখ্যা লুকুৱাৰ অভিযোগ ওড়িশা চৰকাৰৰ বিৰুদ্ধে

Asomiya Pratidin

ডিজিটেল ডেস্ক : চলিত মাহৰ ২ তাৰিখে শতিকাটোৰ সৰ্ববৃহৎ তথা শোকাৱহ ৰে'ল দুৰ্ঘটনাৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ ভাৰতবাসী । দুৰ্ঘটনাটিত অতি কমেও ২৮০ জন লোকৰ মৃত্যু হোৱাৰ ওপৰিও ১২০০ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন । ২ জুনৰ সন্ধিয়া ওড়িশাৰ বালাছোৰত সংঘটিত এই দুৰ্ঘটনাৰ পাছতেই উদ্ধাৰ অভিযানত ব্যস্ত হৈ পৰিছিল ওড়িশা আৰু পশ্চিম বংগৰ প্ৰশাসন তথা উদ্ধাৰকাৰীৰ দল । হামচফৰ এক্সপ্ৰেছৰ দুটাকৈ ডবা লাইনচ্যুত হৈ পৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি পৰৱৰ্তী সময়ত জানিব পৰা গৈছিল ।

কিন্তু একে সময়তে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ওড়িশা চৰকাৰৰ বিৰুদ্ধে । নিজৰ ব্যৰ্থতা লুকুৱাবলৈ দুৰ্ঘটনাত নিহতৰ প্ৰকৃত পৰিসংখ্যা প্ৰকাশ নকৰাৰ অভিযোগ উত্থাপন হৈছে ওড়িশা চৰকাৰৰ বিৰুদ্ধে ।

অৱশ্যে এই সন্দৰ্ভত ওড়িশাৰ মুখ্য সচিব পি কে জেনাই সংবাদ মাধ্যমৰ সন্মুখত দিয়া ভাষ্য অনুসৰি, "ওড়িশা চৰকাৰে মৃতকৰ তথ্য লুকুৱাই ৰখাৰ কোনো কাৰণ নাই । সমগ্ৰ উদ্ধাৰ অভিযান সংবাদ মাধ্যমৰ সন্মুখতেই চলি আছিল । আনহাতে, ৰে'লৱে বিভাগে দিয়া তথ্য অনুসৰি মৃতকৰ প্ৰকৃত সংখ্যা হ'ল ২৮৮ গৰাকী । আনহাতে, বালাছোৰ জিলাৰ উপায়ুক্তই দিয়া তথ্য অনুসৰি এই সংখ্যা হ'ল ২৭৫ গৰাকী ।"

পৰিসংখ্যাৰ এই পাৰ্থক্য সন্দৰ্ভত প্ৰশ্ন কৰাত জেনাই উত্তৰ দিয়ে যে, মৃতকৰ গণনা দুবাৰকৈ কৰাৰ বাবেই সংঘটিত হৈছিল এই ভুল । প্ৰকৃত পৰিসংখ্যা ২৭৫ হয় ।

উল্লেখ্য যে, একেটা বিষয়তেই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য প্ৰদান কৰে যে, পশ্চিম বংগৰ ৬২ গৰাকী লোক দুৰ্ঘটনাটোত নিহত হোৱাৰ ওপৰিও বৰ্তমানো সন্ধানহীন ১৮২ গৰাকী লোক । তেনেক্ষেত্ৰত কেৱল এখন ৰাজ্যৰেই যদি ৬২ গৰাকীৰ মৃত্যু ঘটাৰ সৈতেই ১৮২ গৰাকী লোক সন্ধানহীন, তেন্তে এই পৰিসংখ্যা কিদৰে শুদ্ধ হ'ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

এতিয়া এই শোকাৱহ দুৰ্ঘটনাৰ সৈতে মোকাবিলা কৰি থকাৰ মাজতেই ওড়িশা চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা এনে গুৰুতৰ অভিযোগে পৰৱৰ্তী সময়ত কি ৰূপ লয় সেইয়া হ'ব লক্ষণীয় ।