ৰাষ্ট্ৰীয়

ত্ৰিপুৰা বিধানসভা নিৰ্বাচন : মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৩০ জানুৱাৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ত্ৰিপুৰা বিধানসভা নিৰ্বাচন সমাগত। আগন্তুক ১৬ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ ৬০টা সমষ্টিত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু ভোট গণনা সম্পন্ন হ'ব ২ মাৰ্চত।

ৰাজ্যখনৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত শনিবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰেৰণ কৰে এক জাননী। জাননীখনত উল্লেখ থকা মতে নিৰ্বাচনত অৱৰ্তীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলে ৩০ জানুৱাৰীৰ ভিতৰত দাখিল কৰিব লাগিব তেওঁলোকৰ মনোনয়ন পত্ৰ। আনহাতে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ সময় সীমা বান্ধি দিছে ২ ফেব্ৰুৱাৰীলৈকে।