ৰাষ্ট্ৰীয়

মিছন কংগ্ৰেছ নহয় মিছন ইণ্ডিয়া

Asomiya Pratidin

ডিজিটেল ডেস্ক : সমগ্ৰ দেশজুৰি চলিছে এক অভিযান । পূৰ্বৰে পৰাই অস্থিৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ সুযোগ লৈ আৰম্ভ কৰা এই অভিযানৰ অন্তত যে দেশ আৰু বেছি অশান্ত আৰু অস্থিৰ হৈ পৰিব সেই কথা অনুধাৱন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে দেশৰ বাবে । এইয়া মিছন কংগ্ৰেছ নহয় বৰং মিছন ইণ্ডিয়া হে ।

চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত কাৰাগাৰলৈ গৈছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিচোদিয়া । ৰাজ্যৰ সুৰা নীতিত এক বৃহৎ কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি কাৰাবন্দী কৰা হৈছিল মনীষ চিচোদিয়াক ।

মনীষ চিচোদিয়াক কাৰাবন্দী কৰাৰ সৈতেই আম আদমী পাৰ্টি আৰু অৰৱিন্দ কেজৰিৱালৰ যে পৰাক্ৰম পূৰ্বতকৈ হ্ৰাস পালে সেই কথা বুজিবলৈ বৰ বেছি অসুবিধা হোৱা নাছিল ৰাইজৰ ।

মনীষ চিচোদিয়াৰ পাছত আন এক গুৰুতৰ আক্ৰমণ চলিল কংগ্ৰেছৰ ওপৰত । কংগ্ৰেছৰ শীৰ্ষৰ নেতা ৰাহুল গান্ধীয়ে কৰা এক আপত্তিজনক মন্তব্যৰ আধাৰত খাৰিজ কৰা হ'ল তেখেতৰ সাংসদ পদ । দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হ'ল । কাৰাদণ্ড এতিয়ালৈ কাৰ্যকৰী হোৱা নাই যদিও সদনত দেখা পোৱা নাই ৰাহুল গান্ধীক । চৰকাৰী আৱাসগৃহ ত্যাগ কৰিব লগীয়া হ'ল ৰাহুল গান্ধীয়ে ।

আগন্তুক ১০ মে'ত কৰ্ণাটকত বিধানসভা নিৰ্বাচন । দাক্ষিণাত্যত কৰ্ণাটক কংগ্ৰেছৰ দুৰ্গ । এই দুৰ্গ ভেদ কৰিব পাৰিলেই দাক্ষিণাত্যৰ এঘড়ী যুঁজি চাব পাৰে বিজেপিয়ে, অন্য ৰাজ্যসমূহৰ বাবে ।

নিৰ্বাচনৰ কিছু সপ্তাহ পূৰ্বেই ঘটিল আন এক অঘটন । নিৰ্বাচনত কংগ্ৰেছৰ বিশ্বাসী কৰ্মী তথা যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভিৰ বিৰুদ্ধে উত্থাপন হ'ল এক গুৰুতৰ অভিযোগ । সেই অভিযোগৰ ভিত্তিতেই আজি গুৱাহাটীৰ দিছপুৰ আৰক্ষী চকীত উপস্থিত হ'ব লাগিব শ্ৰীনিৱাস ।

একে সময়তেই বহুজন সমাজ পাৰ্টীৰ সাংসদ আফজল আনছাৰীয়ে এটি পুৰণি গোচৰত সাংসদ পদ হেৰুৱাৰ লগতেই কাৰাবন্দী হ'বলৈ গৈ আছে ।

সমগ্ৰ দেশতেই চলা এই অভিযানৰ অন্তত হয়তো বিৰোধীবিহীন হৈ পৰিব দেশ অতি শীঘ্ৰেই । কিন্তু ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত ই জানো সম্ভৱ ?