ৰাষ্ট্ৰীয়

বৃদ্ধি শীতৰ প্ৰকোপ! ঘন কুঁৱলীয়ে ঢাকি ধৰিছে সকলো, ৮ জানুৱাৰীলৈ বন্ধ বিদ্যালয়

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তৰ-ভাৰতত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। যাৰ বাবে সাধাৰণ জীৱনত বাধা আহি পৰিছে। বুধবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কয় যে উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱকে ধৰি দিল্লী এনচিআৰত ঘন কুঁৱলী অধিক হ'ব ।

বতৰ বিজ্ঞানৰ মতে আজিৰ দিনটোত ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাব। আনহাতে অত্যাধিক ঠাণ্ডাৰ বাবে নয়ডাৰ বিদ্যালয়সমূহ ৮ জানুৱাৰীলৈ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে।

আইএমডিৰ মতে, মঙলবাৰে সন্ধিয়া কুঁৱলীৰ বাবে অঞ্চলবোৰত দৃশ্যমানতা হ্ৰাস পায়। উত্তৰ প্ৰদেশৰ বৰেলীয়ে সৰ্বনিম্ন দৃশ্যমানতা ২৫ৰেকৰ্ড কৰে। ঘন কুঁৱলী তেতিয়া হয় যেতিয়া দৃশ্যমানতা ০ ৰ পৰা ৫০ মিটাৰৰ ভিতৰত হয়। ৫১ ৰ পৰা ২০০ মিটাৰ "ঘন", ২০১ ৰ পৰা ৫০০ মিটাৰ "মধ্যমীয়া", আৰু ৫০১ ৰ পৰা ১০০০ মিটাৰ 'অতি ঘন' কুঁৱলী হয়।

আনাহাতে এইবাৰ অসমৰ ঠাণ্ডাৰ প্ৰকোপ কম দেখা নাই। অন্যবাৰৰ তুলনাত এইবাৰ শীতৰ আগমন দেৰিকৈ হোৱাৰ সমান্তৰালভালে ঠাণ্ডাৰ প্ৰকোপ কম দেখা যায়।