ৰাষ্ট্ৰীয়

ৰাহুল গান্ধীক গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰদান নকৰিলে সকাহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীক গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰদান নকৰিলে সকাহ । মঙলবাৰে প্ৰাক্তন সাংসদগৰাকীয়ে মোডী উপাধিধাৰীক লৈ কৰা বিতৰ্কিত মন্তব্যক লৈ স্থগিতাদেশ বিচাৰি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিছিল গুজৰাট উচ্চ ন্যায়ালয়ে

আজিৰ শুনানিত ৰাহুল গান্ধীক সকাহ প্ৰদান নকৰিলে ন্যায়ালয়ে । উল্লেখ্য যে ৰাহুল গান্ধীয়ে ২০১৯ চনত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোডীৰ বিৰুদ্ধে মন্তব্য কৰিছিল ।

তেওঁ কৈছিল যে- ''নীৰৱ মোডী, ললিত মোডী,নৰেন্দ্ৰ মোডীৰ উপাধি কিয় একে? কিয় প্ৰতিটো চোৰৰ উপাধি মোডী হয়? 'ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই বিধায়ক পূৰ্ণেশ মোডীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল ।

আৰু বিধায়কগৰাকীৰ গোচৰৰ ভিত্তিতে মানহানি গোচৰত দোষী সাব্যস্ত হৈছিল । চুৰাট আদালতে দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল কংগ্ৰেছ নেতাগৰাকীক ।

দোষী সাব্যস্ত হোৱাৰ পিছতেই নেতাগৰাকীৰ সাংসদ পদ খাৰিজ কৰা হৈছিল । পৰৱৰ্তী জুন মাহত এই সন্দৰ্ভত ৰায় প্ৰদান কৰিব গুজৰাট উচ্চ ন্যায়ালয়ে ।