ৰাষ্ট্ৰীয়

২০০০ টকীয়া নোট সলনি কৰিবলৈ নালাগে কোনো প্ৰ-পত্ৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ক্লীন নোট পলিচীৰ অধীনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি পুনৰ ছপা নহয় ২০০০ টকীয়া নোট। বন্ধ কৰি দিয়া হ'ব এই নোটৰ প্ৰচলন।

যিসকল উপভোক্তাৰ হাতত ২০০০ টকীয়া নোট উপলবদ্ধ আছে সেইসকল উপভোক্তাই এই নোট সাল-সলনি কৰিব লাগিব। পিছে এক বিবৃতিত প্ৰকাশ পোৱা অনুসৰি ২০০০ টকীয়া নোট সলনি কৰাৰ বাবে নালাগে কোনো প্ৰ-পত্ৰ অথবা পৰিচয় প্ৰমাণৰ।

ভাৰতীয় ষ্টেট বেংকে এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰে যে, এছ বি আইৰ সকলো শাখাক ২০০০টকীয়া নোট সলনি কৰিবলৈ কোনো প্ৰ-পত্ৰ অথবা পৰিচয় প্ৰমাণৰ প্ৰয়োজন নাই বুলি বিবৃতিযোগে উল্লেখ কৰে।