ৰাষ্ট্ৰীয়

নাই সমাধান! নিৰ্বাচনত জয়ী হোৱাৰ পাছতো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পৰা নাই বিজেপিয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদক লৈ চিন্তিত বিজেপি। ৫ ৰাজ্যৰ ৩ খনত বিজেপিয়ে জয়লাভ কৰাৰ পাছতো এতিয়ালৈকে নিৰ্বাচিত কৰিব পৰা নাই মুখ্যমন্ত্ৰী। ৰাজস্থান, চত্তিশগড় আৰু মধ্যপ্ৰদেশত বিজেপিয়ে লাভ কৰা বৃহৎ জয়ৰ পাছতো এতিয়ালৈকে ঘোষণা কৰা নাই মুখ্যমন্ত্ৰীৰ নাম। ইয়াক লৈ চিন্তিত হৈ পৰিছে বিজেপিৰ নেতৃত্ব।

গেৰুৱা দলটোৱে নিৰ্বাচনৰ সময়ত কোনো নেতাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা নাছিল। প্ৰধানমন্ত্ৰী মোডীক আগত ৰাখি চলাই গৈছিল নিৰ্বাচনী প্ৰচাৰ। বিজেপিয়ে ৩ ৰাজ্যৰ নিৰ্বাচনত বহুকেইগৰাকী সাংসদক প্ৰাথিত্ব দি প্ৰমাণ কৰিছিল যে পূৰ্বৰ নেতৃত্বৰ কাম-কাজত দল সন্তুষ্ট নহয়।

যাৰ বাবে কোনো নতুন নেতাক মুখ্যমন্ত্ৰী হিচাপে বাচনি কৰাৰ সম্ভাৱণাই দেখা দিছে। কিন্তু মধ্যপ্ৰদেশত শিৱৰাজ সিং চৌহান, ৰাজস্থানত দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, চত্তিশগড়ৰ পূৰ্বৰ মুখ্যমন্ত্ৰী ৰমন সিঙক উপেক্ষা কৰাতো বিজেপিৰ বাবে সম্ভৱ নহয়।

কিয়নো আহি আছে লোকসভা নিৰ্বাচনত। এই নিৰ্বাচনত লোকসভাত মধ্যপ্ৰদেশত ২৯ খন, ৰাজস্থানৰ ২৫ খন আৰু চত্তিশগড়ৰ ১১ খন আসন আছে। গতিকে মুঠ ৬৫ খন আসনৰ জয়-পৰাজয়ক লৈ চিন্তিত হ'বলগীয়া হৈছে দলটো। এই ৩ নেতাক উপেক্ষা কৰা বিজেপিৰ বাবে সহজ নহয়।

এই সময়তে বিজেপিয়ে নাম উচ্চাৰণ কৰিছে বসুন্ধৰা ৰাজেৰ স্থানত গজেন্দ্ৰ চেখাৱট বা চি পি যোগীৰ দৰে নেতাৰ নাম। ইয়াক লৈ বিজেপি চিন্তিত হৈ পৰিছে। মিলিত হৈছে বৈঠকত কিন্তু তাৰ পাছতো ওলোৱা নাই কোনো সমাধান।

ছত্তীশগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং, ৰাজ্যিক বিজেপিৰ সভাপতি অৰুণ কুমাৰ চাও, ৰেনুকা সিং আদিৰ নাম উল্লেখিত হৈছে মুখ্যমন্ত্ৰী পদৰ বাবে।

আনহাতে মধ্যপ্ৰদেশত নৰেন্দ্ৰ সিং তোমাৰক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ বাবে একাংশই দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী পদ সন্দৰ্ভত শিৱৰাজ সিং চৌহানে কৈছে যে ইয়াৰ ক্ষেত্ৰত দলেহে সিদ্ধান্ত ল'ব।

এই সময় বিজেপিৰ বাবে কঠিন। বিজেপিয়ে কেনেদৰে এই সমস্যাৰ সমাধান উলায়াই সেয়া হ'ব লক্ষণীয়। কিয়নো আহি থকা সময় বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ।