ৰাষ্ট্ৰীয়

এইবাৰ টকা দেখুৱাই মুকেশ আম্বানীয়ে কৰিলে এপ্ৰিল ফুল...

Asomiya Pratidin

ডিজিটেল ডেস্ক: দেশৰে নহয় বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত থকা ভাৰতীয় ব্যৱসায়ী সকলৰ ভিতৰত অন্যতম মুকেশ আম্বানী। যাৰ পৰিচয় দেশবাসীৰ আগত নতুনকৈ দিয়াৰ প্ৰযোজন নাই। ভাৰতৰ ধনী ব্যক্তিৰ তালিকাত থকা মুকেশ আম্বানী শেহতীয়াকৈ এক বিশেষ কাৰণত চৰ্চিত হৈ পৰিছে।

মুকেশ আম্বানীৰ পত্নী নীতা মুকেশ আম্বানীয়ে বিগত মাহৰ ৩১ মাৰ্চত মুম্বাইত এক সাংস্কৃতিক কেন্দ্ৰ মুকলি কৰে। কেন্দ্ৰটোৰ নাম নীতা মুকেশ আম্বানী কালচাৰেল চেন্টাৰ চমুকৈ এন এম এ চি চি । উক্ত অনুষ্ঠানটিৰ শুভ উদ্বোধনী পিছত ১ এপ্ৰিলৰ দিনা নিশা মুম্বাইত এক প্ৰীতিভোজৰ আয়োজন কৰিছিল আম্বানী পৰিয়ালে। বহু নামী-দামী ব্যক্তিক আমন্ত্ৰণ কৰা হৈছিল এই অনুষ্ঠানলৈ।

উক্ত প্ৰীতি ভোজৰ বিশেষ আকৰ্ষণ আছিল মিঠাইৰ এটা ব্যঞ্জন। "দৌলত কি চাদ" নামেৰে পৰিবেশন কৰা মিঠাইৰ টোপোলা বোৰৰ লগত সজাই দিয়া হৈছিল ৫০০ টকীয়া নোট। ব্যৱসায়ী জগতৰ লগত জড়িত সকলৰ লগতে বলিউডৰ প্ৰীয়ংকা চোপ্ৰা, নিক জোনাছ, ৰণবীৰ সিং, দিপিকা পাডুকন, কিয়াৰা আদৱানী আদিকে ধৰি বহু তাৰকা উপস্থিত থকা অনুষ্ঠানটোত উক্ত মিঠাইৰ ব্যঞ্জনটোৱে লাভ কৰিছিল বিশেষ সমাদৰ।

অনুষ্ঠানটি সামাৰণি পৰাৰ পিছত সম্প্ৰতি চৰ্চাত আহি পৰিছে সেই ব্যঞ্জন। সামাজিক মাধ্যমত ভাইৰেল হৈছে উক্ত ব্যঞ্জনৰ ফটো। কিয়নো ব্যঞ্জনটোত পৰিৱেশন কৰা টকা আছিল নকল। মাত্ৰ সজাই তোলাৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল সেই নকল টকা। যি টকাক অনুষ্ঠানটোত বহুতে আচল বুলি সামৰি লোৱাৰ পৰিলক্ষিত হয়। যাৰ বাবে এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা।