ৰাষ্ট্ৰীয়

কিমান দৰমহা পায় নীতা আম্বানীৰ মেক-আপ আৰ্টিষ্টে?

Asomiya Pratidin

ডিজিটেল ডেস্ক: এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰ উপাৰ্জন কিমান ? বা এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ CEOয়ে বাৰু কিমান দৰমহা পায় ? আৰু এগৰাকী মেক-আপ আৰ্টিষ্টে বাৰু কিমান দৰমহা পায় ? আপুনি হয়তো বহু নামী-দামী মেক-আপ আৰ্টিষ্টৰ নাম শুনিছে আৰু সম্ভৱত তেওঁলোকৰ উপাৰ্জনৰ সম্পৰ্কেও আপোনাৰ জ্ঞান নোহোৱা নহয়। পিছে এজন মেক-আপ আৰ্টিষ্টৰ নাম হয়তো আপুনি শুনা নাই।

সেই মেক-আপ আৰ্টিষ্টজন কোন জানেনে ? বহু নামী-দামী বলিউডী অভিনেতা-অভিনেত্ৰীৰ লগতে বিশ্বৰ এগৰাকী ধনী ব্যক্তিৰ পত্নীৰ মেক-আপ কৰে তেওঁ। বলিউডৰ জনপ্ৰিয় অভিনেতা বোৰৰ লগতে প্ৰতিষ্ঠিত ব্যৱসায়ী তথা ধনী ব্যক্তি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীক মেক-আপ কৰা ব্যক্তিজন কোন আপুনি জানেনে ? বহু ৰাজহুৱা সভা, পাৰ্টি আদিত আপুনি নীতা আম্বানীক সু-সজ্জিত ৰূপত দেখে। পিছে নীতা আম্বানীৰ হাতৰ ঘড়ীটো পিন্ধাই দিয়াৰ পৰা লিপষ্টিক লগাই দিয়া লৈকে সকলো কাম কৰে এজন ব্যক্তিয়ে। আৰু সেই আঁৰৰ মানুহজন হ’ল প্ৰখ্যাত মেক-আপ আৰ্টিষ্ট মিকি।

মিকি নামৰ এই মেক-আপ আৰ্টিষ্ট জনকেই দিয়া হৈছে নীতা আম্বানীক সৌন্দৰ্যতাৰে উপচাই পেলোৱাৰ দ্বায়িত্ব। এক দীঘলীয়া সময় ধৰি মিকিয়ে নীতা আম্বানীৰ ব্যক্তিগত মেক-আপ আৰ্টিষ্ট হিচাপে কাম কৰি আহিছে।

ইয়াৰ পূৰ্বে চেলিব্ৰেটি আৰ্টিষ্ট মিকিয়ে হম আপকে হ্যে কৌন, দিল তো পাগল হ্যায়, কুচ কুচ হৌতা হ্যায়, কভি খুচি কভি গম, কল হৌ না হৌ, মৌহাব্বতে, মাই নেম ইজ খান আদি ছবিত মেক-আপৰ কাম কৰিছিল। তদুপৰি জনপ্ৰিয় অভিনেত্ৰী দীপিক‍া পাডুকন, ঐশ্বৰ্য ৰায় বচ্চন, কৰীণা কাপুৰ খান আদি অভিনেত্ৰীৰ মেক-আপৰ কাম কৰিছিল।

আৰু এই চেলিব্ৰেটি মেক-আপৰ আৰ্টিষ্ট মিকিয়ে এগৰাকী চেলিব্ৰেটিক মেক-আপ কৰাৰ বাবদ এদিনত লাভ কৰে ৭৫ হাজাৰৰ পৰা ১ লাখ টকা। সেই হিচাপত তেওঁৰ এমাহৰ দৰমহা হ’ল ৩০ লাখৰো অধিক।

লগতে আপুনি জানি আচৰিত হব যে, নীতা আম্বানীয়ে ব্যৱহাৰ কৰা লিপচটিক বটলটো সোণ আৰু ৰূপেৰে তৈয়াৰ কৰা। যাৰ দাম হ’ল প্ৰায় ৪০ লাখ টকা।