ৰাষ্ট্ৰীয়

'কংগ্ৰেছে কেৱল আঁচনি ঘোষণা কৰিছিল, সকলো কাৰ্যকৰী কৰিছে মোডী নেতৃত্বাধীন চৰকাৰে'

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা চলি থকাৰ মাজতে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাষণ প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে সমগ্ৰ বিশ্বত অৰ্থনৈতিক সংকত হোৱাৰ স্বত্বেও ভাৰত বৰ্তমান দ্ৰুতগতিত বিকশিত অৰ্থনীতি হৈ পৰিছে।

কংগ্ৰেছে ৰাজহুৱা কল্যাণমূলক আঁচনি ঘোষণা কৰা আৰু সেইবোৰ কাৰ্যকৰী কৰি আধাতে এৰি দিয়া বুলি অভিযোগ তুলি তেওঁ কয় যে, কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰ শাসনলৈ অহাৰ পিছত সকলো আঁচনিৰ প্ৰকৃত ৰূপায়ণৰ নিয়ম সম্পন্ন কৰা হৈছিল।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব বেংকে বিশ্বব্যাপী অৰ্থনীতি হ্ৰাস হোৱাৰ ভৱিষ্যতবাণী কৰিছে, কিন্তু কোভিদ সংকতৰ স্বত্বেও ভাৰতীয় অৰ্থনীতি উন্নত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নীতিৰ বাবে বিশ্বজুৰি মন্দাৱস্থাৰ পিছতো ভাৰত আগবাঢ়ি আছে।

সীতাৰমণে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ শাসনত থকা কংগ্ৰেছ নেতৃত্বাধীন ইউপিএৰ বিৰুদ্ধে ১০ বছৰ সময় অপচয় কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, ইউ পি এ এটা দশক নষ্ট কৰিছে। কিয়নো সেই সময়ত কেৱল ভ্ৰষ্টাচাৰ আৰু পৰিবাৰবাদ আছিল। কিন্তু আজিকালি তেনে অৱস্থা নাই। সকলো সলনি হ'ল।

তেওঁ কয় যে ইউপিএ কাৰ্যকালত কল্যাণমূলক আঁচনি ঘোষণা কৰা হৈছিল, কিন্তু সেইবোৰ সঠিকভাৱে ৰূপায়ণ কৰা হোৱা নাছিল। ইউ পি এ চৰকাৰে কেৱল প্ৰতিশ্ৰুতি দিছিল, কাম কৰা নাছিল। কংগ্ৰেছে দেখুওৱা সপোন এন ডি এ চৰকাৰে পূৰণ কৰা বুলি কয় মন্ত্ৰীগৰাকীয়ে।

কংগ্ৰেছে কেৱল শ্লোগান দিব জানে বুলি অভিযোগ উত্থাপন কৰি সীতাৰমনে কয় যে, আমি ছয় দশক ধৰি 'গৰীবি হাটাও'ৰ শ্লোগান শুনি আছিলো। কিন্তু দৰিদ্ৰতা দূৰীকৰণৰ বাবে এন ডি এ চৰকাৰেহে ব্যৱস্থা হাতত লৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতৰ ছবি সলনি কৰি দিছে বুলি সীতাৰমনে কয় যে মোডীৰ কাৰ্যকালত সকলো সলনি হৈছে। ৰাইজৰ অধিকাৰৰ বাবে কাম কৰিছে।