Nihang Sikh Open Fire: গুৰুদ্বাৰ দখলৰ বাবে নিহাং শিখৰ সংঘৰ্ষ...
Nihang Sikh Open Fire: গুৰুদ্বাৰ দখলৰ বাবে নিহাং শিখৰ সংঘৰ্ষ... 
ৰাষ্ট্ৰীয়

Nihang Sikh Open Fire: গুৰুদ্বাৰ দখলৰ বাবে নিহাং শিখৰ সংঘৰ্ষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পঞ্জাবৰ এটা গুৰুদ্বাৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। ‘নিহাং’ শিখসকলৰ মাজত হোৱা এই গুলী চালনাৰ ঘটনাত কমেও তিনিজন লোক আহত হোৱাৰ লগতে এজন আৰক্ষী কৰ্মী নিহত হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে ১০ জনকৈ লোকক। আনহাতে গুৰুদ্বাৰৰ ভিতৰত আৱদ্ধ হৈ আছে অতি কমেও ৩০ জন লোক।

যুঁজাৰু জাতি হিচাপে পৰিচিত শিখ সম্প্ৰদায়ৰ নিহাংসকলৰ যুঁজাৰু মানসিকতাৰ বাবে বিশ্বজুৰি চৰ্চিত। তেওঁলোকে নীলা পোচাক পৰিধান কৰাৰ লগতে মূৰত বিশাল পাগুৰি আৰু হাতত চক্ৰম, তৰোৱাল লৈ থকা ৰূপটো দেখিলে আকৰ্ষিত হয় বিভিন্নজন।

এই নিহাংসকলৰে দুটা গোটৰ মাজত বৃহস্পতিবাৰে সংঘটিত হয় সংঘাত। এটা গুৰুদ্বাৰ দখলৰ বাবে হোৱা এই সংঘাতৰ মাজতে হয় গুলী চালনাৰ ঘটনা। এই গুলীচালনাৰ ঘটনাতে এজন আৰক্ষী নিহত হৈছে আৰু ৩ জন লোক আহত হৈছে।

উল্লেখ্য যে, এই নিহাংসকলৰ সৈতে আগতেও আৰক্ষীৰ সংঘৰ্ষ হৈছিল। ২০২০ ত নিহাঙৰ হাততে মৃত্যু হৈছিল এজন আৰক্ষী বিষয়া। পাচলি বজাৰত তেওঁক হত্যা কৰা হৈছিল। আন বহু কেইজন আৰক্ষী আহত হৈছিল।