ৰাষ্ট্ৰীয়

মানৱ সৰবৰাহৰ বিৰুদ্ধে দেশৰ ১০ খন ৰাজ্যত NIA ৰ অভিযান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মানৱ সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে সষ্টম কেন্দ্রীয় চৰকাৰ। নিয়াই বুধবাৰে পুৱা দেশৰ ১০ খন ৰাজ্যত চলাইছে অভিযান। ত্রিপুৰা, অসম, পশ্চিম বংগ, কৰ্ণাটক, হাৰিয়ানা, পুডুচেৰী, ৰাজস্থান আৰু জম্মু কাশ্মীৰত চলিছে এই অভিযান।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ সহযোগত চলিছে এই অভিযান। সমগ্র ভাৰতত NIAৰ ১৭টা দলে অভিযান চলাইছিল। অসমত আজিৰ দিনটোত গ্রেপ্তাৰ ৫টা দালালক।

জম্মু-কাশ্মীৰত অভিযান চলাই ম্যানমাৰৰ এজন ৰোহিংগীয়া মুছলমানক আটক কৰা কৰিছে এনআইএ য়ে। জাফৰ আলমক পুৱা প্ৰায় ২ বজাত জম্মুৰ বাথুণ্ডি অঞ্চলত থকা তেওঁৰ অস্থায়ী বাসগৃহৰ পৰা জিম্মাত লৈছিল। আনহাতে আন এজন লোক পলাতক অৱস্থাত আছে।

ইয়াৰোপৰি আৰু দেশৰ বিভিন্ন স্থানৰ পৰা আটক কৰিছে বহুতকে। এই পৰ্যন্ত সমগ্র ভাৰতত অভিযান চলাই ৪৭টা দালালক গ্রেপ্তাৰ।

উল্লেখ্য যে, NIA য়ে তথ্য লাভ কৰিছিল যে বাংলাদেশৰ পৰা অবৈধভাৱে মানৱ সৰবৰাহ কৰি লোকসকলক দেশৰ বিভিন্ন প্ৰান্তত বসতি স্থাপন কৰি দিয়া হৈছে। ইয়াৰে একাংশ ৰোহিংগীয়া মুছলিম। ইয়াৰোপৰি বিভিন্ন ঠাইত অবৈধ বাংলাদেশীয়ে বসতি স্থাপন কৰাৰো তথ্য লাভ কৰিছিল। যাৰ বাবে এই অভিযান চলায়।