ৰাষ্ট্ৰীয়

ISIS ৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত ১৩ জন গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) ৰ আইএছআইএছৰ সন্ত্ৰাসবাদী কাৰ্যাকালাপৰ বিৰুদ্ধে অভিযান। এই অভিযান কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ ৪০ টাতকৈ অধিক স্থানত চলিছে । জানিব পৰা মতে শনিবাৰে চলা অভিযানত ৪০ টা স্থানৰ পৰা নিয়াই ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে নিয়াই কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ আৰক্ষীৰ সহায়ত এই অভিযান চলায়। এই গোচৰ অভিযুক্ত ব্যক্তি আৰু তেওঁলোকৰ সহযোগীসকলৰ দ্বাৰা পৰিকল্পনা কৰা এক অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত। এই সমূহে আল-কায়দা আৰু আইএছআইএছকে ধৰি নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনসমূহৰ হিংসাত্মক উগ্ৰপন্থী আদৰ্শৰ প্ৰতিশ্ৰুতি লৈ সন্ত্ৰাসবাদী দল গঠন কৰিছিল।

সন্ত্ৰাসবাদী সংগঠনসমূহে ইছলামিক শাসন প্ৰতিষ্ঠা কৰাৰ বাবে হিংসাত্মত জেহাদ আৰম্ভ কৰিছিল আৰু ইয়াৰ বাবে ধৰ্মৰ সহায় হৈ যুৱক-যুৱতীসকলক সংগঠনৰ লগত জড়িত কৰিছিল।