ৰাষ্ট্ৰীয়

ঘৰুৱা চিলিণ্ডাৰৰ পৰা সোণলৈকঃ নতুন বিত্তীয় বৰ্ষত নিৰ্ধাৰণ হ'ব নতুন দাম

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত হোৱা মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। কিছু দিন পাছতেই আহিব এপ্ৰিল মাহ আৰু ইয়াৰ লগে লগে আৰম্ভ হ'ব ২০২৩-২৪ ৰ বিত্তীয় বৰ্ষ। এই নতুন বিত্তীয় বৰ্ষত গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি সোণৰ মূল্যৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিব পাৰে।

চৰকাৰী মালিকানাধীন গেছ কোম্পানীবোৰে প্ৰতি মাহৰ প্ৰথম দিনটোত এলপিজিৰ মূল্য সংশোধন কৰি নতুন দাম নিৰ্ধাৰণ কৰে । কিছুদিন পূৰ্বে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি হৈছিল। আনহাতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি পাইছিল। গতিকে ১ এপ্ৰিলৰ পৰা পুনৰ নতুন দাম নিৰ্ধাৰণ হ'ব পাৰে।

নতুন বিত্তীয় বৰ্ষত চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে। ইয়াৰোপৰি পেট্ৰ'ল-ডিজেলৰো নতুন নিৰিখ নিৰ্ধাৰণ হ'ব পাৰে।

আনহাতে নতুন বিত্তীয় বৰ্ষত সোণৰ ক্ষেত্ৰতো নতুন নিয়ম নিৰ্ধাৰণ হ'ব পাৰে।উপভোক্তা মন্ত্ৰালয়ৰ মতে, নতুন নিয়মৰ অধীনত, ৩১ মাৰ্চ, ২০২৩-ৰ পিছত, ৪-অংকৰ হলমাৰ্কড জুৱেলাৰী (এইচইউইডি) বিক্ৰী নিষিদ্ধ কৰা হ'ব আৰু ১ এপ্ৰিল, ২০২৩-ৰ পৰা, কেৱল ৬ টা অংকৰ হলমাৰ্কেড গহনা বিক্ৰী কৰা হ'ব।

গাড়ীৰ ক্ষেত্ৰতো দাম বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে। মুঠতে ১ এপ্ৰিল ২০২৩ চনৰ পৰা দেশত বিভিন্ন বস্তুৰ দামৰ নতুন দাম নিৰ্ধাৰণ হোৱাৰ সম্ভাৱণা আছে।