new delhi
new delhi 
ৰাষ্ট্ৰীয়

নতুন দিল্লীৰ লাচিত দিৱসৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৩ দিনীয়া কাৰ্যসূচীৰে ৰাজধানী দিল্লীত অনুষ্ঠিত কৰা হৈছে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী। বৃহস্পতিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ নেতা-কৰ্মীৰ লগতে বহু বিশিষ্ট ব্যক্তি।

আজি সন্ধিয়া ৪.১৫ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত অসমৰ জাতীয় সংগীত পৰিৱেশ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। ইয়াৰ উপৰিও বিশ্বে ছন্দে ছন্দে গীতত সমবেত সংগীত পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি এক আলোচনা চক্ৰও আয়োজন কৰা হৈছে।