বিজেপিৰ NDA ত ৩৮ টা, একত্ৰিত INDIA ত ২৬ টা ৰাজনৈতিক দল...
বিজেপিৰ NDA ত ৩৮ টা, একত্ৰিত INDIA ত ২৬ টা ৰাজনৈতিক দল... 
ৰাষ্ট্ৰীয়

বিজেপিৰ NDA ত ৩৮ টা, একত্ৰিত INDIA ত ২৬ টা ৰাজনৈতিক দল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশত এতিয়া ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বতাহজাক ভালকৈয়ে বলিছে। বিগত কিছু মাহ ধৰি ধীৰে ধীৰে বলি থকা এই বতাহজাকে হঠাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে।

শাসকীয় বিজেপিক ক্ষমতাহীন কৰিবলৈ উঠিপৰি লাগিছে বিৰোধী শিবিৰ। আনহাতে বিৰোধীৰ ৰণনীতিক ব্যৰ্থ কৰি লোকসভা নিৰ্বাচনত হেট্ৰিক অৰ্জন কৰিবলৈ তথা পুনৰবাৰ ক্ষমতা নিজৰ হাতত ৰাখিবলৈ বিজেপিয়েও কঁকালত টঙালি বান্ধিছে।

পূৰ্বেও বিৰোধী ৰাজনৈতিক দলসমূহে বিজেপিৰ বিৰুদ্ধে একত্ৰিত ভাৱে যুঁজিবলৈ প্ৰস্তুতি চলাইছিল যদিও সকলো বিৰোধী ঐক্যমতত উপনীত হোৱাত হেঙাৰ সৃষ্টি হৈছিল। কিন্তু এইবাৰ বিৰোধীয়ে পূৰ্বৰ ভুলসমূহৰ পৰা যেন শিকনি লৈছে।

সেয়ে সকলোৱে প্ৰাপ্তিৰ বাবে কিছু ত্যাগ কৰাৰ মানসিকাতাৰে একেলগ হৈ ইতিমধ্যে INDIA নামেৰে আজি এক নতুন মৰ্চা গঠন কৰিছে। ভংগ কৰিলে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ।

এই নৱ গঠিত INDIA মৰ্চাত আছে মুঠ ২৬ টা  বিৰোধী ৰাজনৈতিক দল। ইফালে বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী একত্ৰিত হোৱাক লৈ বিজেপিয়ে ইতিকিং কৰি আহিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পূৰ্বৰ জনপ্ৰিয়তা হ্ৰাস পোৱাত মোডীক সন্মুখত লৈ নিৰ্বাচনত নামিলেই যে ক্ষমতা দখল কৰিব নোৱাৰিব সেই কথা বুজি উঠিছে।

ইয়াৰোপৰি মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত দেশবাসীয়ে যে বিজেপিক পূৰ্বৰ দৰে আকোৱালি নলয় সেই কথাও বুজি পাইছে। সেয়েহে পুনৰবাৰ ক্ষমতা দখলৰ স্বাৰ্থতে সুদীৰ্ঘ ১০ বছৰৰ মূৰত পুনৰ এন ডি এক সক্ৰিয় কৰাৰ চেষ্টা চলাইছে।

ইয়াৰ বাবে আজি দিল্লীৰ অশোক হোটেলত  এন ডি এৰ এখন গুৰুত্বপূৰ্ণ বৈঠক বহিছে। এই বৈঠকত উপস্থিত আছে মুঠ ৩৮ টাকৈ ৰাজনৈতিক দল।

চাওঁ আহক বিৰোধীৰ নৱ গঠিত মৰ্চা INDIA আৰু বিজেপিৰ এন ডি এত কোনো কোন ৰাজনৈতিক দল আছে।

 বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ ৰাজনৈতিক দলসমূহঃ

  • ভাৰতীয় জনতা পাৰ্টী

  • অল ইণ্ডিয়া আন্না ডি এম কে,

  • শিৱসেনা একনাথ সিন্দে গোট,

  • এন পি পি, মেঘালয়,

  • নেশ্যনেল ডেমক্ৰেটিক প্ৰগেছিভ পাৰ্টী,

  • ছিকিম ক্ৰান্তিকাৰী মৰ্চা, 

  • জননায়ক জনতা পাৰ্টী,

  • ইণ্ডিয়া মক্কাল কালভি মুনেট্ৰা কাজঘাম,

  • অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়ন, 

  • ৰিপাব্লিক  পাৰ্টী অফ ইণ্ডিয়া,

  • মিজু নেশ্যনেল ফ্ৰণ্ট, 

  • তামিল মনিলা কংগ্ৰেছ,

  • ত্ৰিপুৰা,

  • বড়ো পিপলছ পাৰ্টী,

  • পাটালি মাক্কাল কাচ্চি, 

  • মহাৰাষ্ট্ৰবাদী গোমাণ্টক পাৰ্টী,

  • অপনা দল,

  • অসম গণ পৰিষদ,

  • ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টী,

  • নিশাদ পাৰ্টী,

  • ইউ পি পি এল,

  • অল ইণ্ডিয়া এন আৰ কংগ্ৰেছ পুডুচেৰী,

  • শিৰোণি আকালি দল সংযুক্ত,

  • জনসেনা,

  • অজিত পাৱাৰৰ এন চি পি,

  • ৰাম বিলাশ পাছোৱানৰ  লোক জনশক্তি পাৰ্টী,

  • হিন্দুষ্টানি আৱাম মৰ্চা,

  • ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টী,

  • সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টী, 

  • বি ডি জি এছ,

  • কেৰালা কংগ্ৰেছ,

  • গোৰ্খা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট,

  • জনধিপতি ৰাষ্ট্ৰীয় সভা,

  • নাগা পিপলছ ফ্ৰণ্ট,

  • ইউনাইটেড ডেমক্ৰেটিক পাৰ্টী,

  • হিল ষ্টেট ডেমক্ৰেটিত পাৰ্টী,

  • জনসুৰাজ শক্তি পাৰ্টী আৰু

  • প্ৰহাৰ জনশক্তি পাৰ্টী।

একত্ৰিত বিৰোধী ৰাজনৈতিক দলৰ মৰ্চা INDIA ৰ অংশীদাৰ ৰাজনৈতিক দলসমূহঃ

  • কংগ্ৰেছ,

  • তৃণমূল কংগ্ৰেছ,

  • ডি এম কে,

  • আম আদমি পাৰ্টী,

  • জে ডি ইউ,

  • আৰ জে ডি,

  • চি পি এম,

  • চি পি আই, 

  • চি পি আই এমএল, 

  • এন চি পি,

  • শিৱসেনা,

  • সমাজবাদী পাৰ্টী,

  • নেশ্যনেল কনফাৰেঞ্চ,

  • পি ডি পি, 

  • জে এম এম, 

  • আৰ এল ডি,

  • আৰ এছ পি,

  • আই ইউ এম এল,

  • কেৰালা কংগ্ৰেছ এম,

  • বি চি কে,

  • এম ডি এম কে,

  • কেৰালা জে,

  • কে ডি এম কে,

  • ফৰৱাৰ্ড ব্লক,

  • এম এম কে আৰু

  • অপনা দল কমেৰাবাদী।