এজন মন্ত্ৰীক হত্যা কৰিবলৈ ৫০ লাখ টকাৰে ৫ 'চুপাৰী কিলাৰ' নিয়োগ...
এজন মন্ত্ৰীক হত্যা কৰিবলৈ ৫০ লাখ টকাৰে ৫ 'চুপাৰী কিলাৰ' নিয়োগ... 
ৰাষ্ট্ৰীয়

এজন মন্ত্ৰীক হত্যা কৰিবলৈ ৫০ লাখ টকাৰে ৫ 'চুপাৰী কিলাৰ' নিয়োগ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কি হৈছে দেশৰ ৰাজনীতিত? চৰকাৰ ভঙা, গঢ়াৰ মাজতে এইবাৰ উত্থাপিত হৈছে ৫০ লাখ টকাৰ বিনিময়ত হত্যাৰ অভিযোগ। দেশৰ ৰাজনীতিৰ অন্যতম চৰ্চিত ৰাজ্য মহাৰাষ্ট্ৰৰ এজন মন্ত্ৰীক হত্যা কৰিবলৈ নিয়োগ কৰা হৈছে ৫ জন প্ৰফেচনেল হত্যাকাৰী।

৫০ লাখ টকাৰ বিনিময়ত তেওঁলোকক নিয়োগ কৰা হৈছে এজন মন্ত্ৰীক হত্যা কৰবলৈ। মহাৰাষ্ট্ৰৰ এন চি পিৰ অজিত পাৱাৰ গোষ্ঠীৰ নেতা তথা মন্ত্ৰী ছগন ভুজবালে উত্থাপন কৰিছে এই অভিযোগ।

শুকুৰবাৰে তেওঁ এনে এক ভাবুকি সম্বলিত পত্ৰ লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ সহায় বিচাৰিছে। এগৰাকী মন্ত্ৰীয়ে এনে অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিবলৈ বাধ্য হোৱা বিষয়টোৱে এতিয়া মাৰাঠা ৰাজনীতিত যথেষ্ট বিতৰ্কও সূচনা কৰিছে।

উল্লেখ্য যে, মহাৰাষ্ট্ৰত এতিয়া বিজেপি, শিৱসেনা (একনাথ সিন্দে), এন চি পি (অজিত পাৱাৰ) মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। এই চৰকাৰৰে এগৰাকী মন্ত্ৰী ছগন ভুজবালে শুকুৰবাৰে এক ভাবুকি ভৰা পত্ৰ লাভ কৰিছে।

অ' বি চি সম্প্ৰদায়ৰ এইগৰাকী মন্ত্ৰীয়ে মহাৰাষ্ট্ৰত চলি থকা চৰকাৰী শিক্ষা প্ৰতিষ্ঠান আৰু চাকৰিত মাৰাঠা জনগোষ্ঠীৰ সংৰক্ষণৰ বিৰোধিতা কৰিছিল। সেয়ে আৰক্ষীয়ে সন্দেহ কৰিছে মাৰাঠা জনগোষ্ঠীৰ কোনোৱে তেওঁক এইদৰে হত্যাৰ ভাবুকিৰে পত্ৰ প্ৰেৰণ কৰিছে।

এসময়ত শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাছাহেব ঠাকৰেৰ ঘনিষ্ঠ আছিল এইগৰাকী ছগন ভুজবাল। বালাছাহেব ঠাকৰেয়ে তেওঁক মুম্বাইৰ মেয়ৰ পাতিছিল। কিন্তু উদ্ধৱ ঠাকৰেৰ সৈতে মতবিনিময় হোৱাত নব্বৈ দশকতে কংগ্ৰেছত যোগদান কৰে।

১৯৯৯ চনত শাৰদ পাৱৰে কংগ্ৰেছ ত্যাগ কৰি এন চি পি গঠন কৰাৰ সময়ত তেওঁ শাৰদ পাৱাৰৰ দললৈ আহে। এন চি পি গঠনত তেওঁ লয় অন্যতম মুখ্য ভূমিকা। মহাৰাষ্ট্ৰত কংগ্ৰেছৰ সৈতে এন চি পিৰ মিত্ৰ চৰকাৰ থকাৰ সময়তে এইগৰাকী নেতা আছিল উপ-মুখ্যমন্ত্ৰী।

ইয়াৰ পিছতে বিগত বছৰত তেওঁ শাৰদ পাৱাৰৰ সংগ এৰি অজিত পাৱাৰৰ সৈতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰত যোগদান কৰে। এইগৰাকী নেতাকে এতিয়া ৫০ লাখ টকাৰ বিনিময়ত ৫ জন হত্যাকাৰী নিয়োগ কৰা বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।