ৰাষ্ট্ৰীয়

১২০ ঘন্টাত লক্ষ্য ১২৯ খন আসনঃ মোডীৰ দক্ষিণ বিজয় অভিযান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে শাসকীয়, বিৰোধী পক্ষই প্ৰচাৰ অভিযান চলাই গৈছে। নেতাসমূহে অংশ লৈছে বিভিন্ন ৰেলীত।

দেওবাৰে ইণ্ডিয়া মিত্ৰজোটে মুম্বাইত ৰেলী কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোডীয়ে ''১২০ ঘন্টা দক্ষিণ বিজয় অভিযান'' অব্যাহত ৰাখিছে। বিজেপিয়ে ৪০০ পাৰ শ্লোগান বাস্তৱত পৰিণত কৰিবলৈ সকলো ধৰণৰ চেষ্টায়ে কৰি গৈছে। এইবাৰ বিজেপিয়ে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু কেৰালাৰ নিৰ্বাচনী প্ৰচাৰত গুৰুত্ব দিছে।

বিজেপিয়ে ভাবিছে যদি এইকেইখন ৰাজ্যত আসন পোৱা যায় তেন্তে সহজে ৪০০ আসন পাৰ কৰিব। যাৰ বাবে বিজেপিয়ে এই ৩ খন ৰাজ্যত অধিক গুৰুত্ব দিছে। ইয়াৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা ৭৭ টা দিনৰ ২৩ দিন দক্ষিণৰ এই ৰাজ্য কেইখনত কটাইছে।

দক্ষিণৰ ৰাজ্যসমূহত লোকসভা আসনৰ সংখ্যা ১২৯। ২০১৯ চনত বিজেপিয়ে মাত্ৰ ২৯ খন আসনত জয় লাভ কৰিছিল আৰু বিৰোধীয়ে ১০০ খন আসন লাভ কৰিছিল।

কৰ্ণাটকৰ বিজেপিৰ প্ৰদৰ্শন ভাল আছিল। ৰাজ্যখনত বিজেপিয়ে ২৮ খন আসনৰ ভিতৰত ২৫ খন আসন লাভ কৰিছিল। তেলেংগনাত ১৭ খন আসনৰ ভিতৰত ৪ খন আসনত জয় লাভ কৰিছিল। কিন্তু তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু কেৰলাত বিজেপিয়ে এখনো আসন লাভ কৰিব সক্ষম হোৱা নাছিল।

এইবাৰ মোডীয়ে দক্ষিণৰ ৰাজ্যসমূহত ১২০ ঘন্টাৰ অভিযান আৰম্ভ কৰিছে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে এই অভিযানৰ আৰম্ভ কৰিছিল। ইতিমধ্যে তেওঁ অন্ধ্ৰপ্ৰদেশৰ পলনাডু, তেলেংগানাৰ জগতিয়াল আৰু আজি কৰ্ণাটকৰ শিৱমোগাত ৰেলী সম্বোধন কৰিছে। তেওঁৰ চতুৰ্থ কাৰ্যক্ৰম কোয়ম্বতুৰত আছে। আজি সন্ধিয়া তেওঁ এই সভাত অংশ লৈ মঙলবাৰে কেৰলাৰ পলক্কৰত ৰেলীত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।ইয়াৰ পাছত তেওঁৰ ষষ্ঠ কাৰ্যসূচী আছে তামিলনাডুৰ চেলমত।

প্ৰধানমন্ত্ৰীগৰাকীৰ এই পদক্ষেপে দলটোত যথেষ্ঠ সহায় কৰাৰ সম্ভাৱণা আছে। উল্লেখ্য যে, ১৯ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন।