এটা চাকৰিৰ বাবে ব্যয় ৮০ লাখ ! নিবনুৱাই কাঢ়িছে হুমুনিয়াহ...
এটা চাকৰিৰ বাবে ব্যয় ৮০ লাখ ! নিবনুৱাই কাঢ়িছে হুমুনিয়াহ... 
ৰাষ্ট্ৰীয়

এটা চাকৰিৰ বাবে ব্যয় ৮০ লাখ ! নিবনুৱাই কাঢ়িছে হুমুনিয়াহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশজুৰি নিৱনুৱা সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। প্ৰায় প্ৰতিখন ৰাজ্যতে আজিৰ তাৰিখত মূল সমস্যাই হৈছে নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যাকে নিৰ্বাচনী ইছ্যু কৰি ৰাজনৈতি দলসমূহে চৰকাৰ গঠন কৰি আহিছে যদিও এই সমস্যা সমাধানৰ কোনো সুপৰিকল্পিত আঁচনি নাই।

আছে কেৱল প্ৰতিশ্ৰুতি। কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পূৰ্বে বছৰী ২ কোটিকৈ নিবনুৱাক চৰকাৰী সংস্থাপন দিয়াৰ কথা কোৱা হৈছিল। এই প্ৰতিশ্ৰুতিৰ বাবেই বিজিপিয়ে যুৱ আৰু নিৱনুৱা ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।

কেন্দ্ৰই দিয়া সেই প্ৰতিশ্ৰুতি ৰাজ্যিক বিজেপিয়েও অনুসৰণ কৰিলে বিধানসভাৰ নিৰ্বাচনসমূহতো। তেনে এখন ৰাজ্য হ'ল মধ্য প্ৰদেশ। ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰতিশ্ৰুতি আছিল প্ৰতি বছৰে ১ লাখ পদত নিযুক্তি প্ৰদান কৰা হ'ব।

বিজেপিৰ এই প্ৰতিশ্ৰুতিয়ে জয় কৰিছিল যুৱ আৰু নিৱনুৱা ভোটাৰৰ মন। যাৰ বাবে এই চাম ভোটাৰে আদৰি লৈছিল বিজেপিক। কিন্তু ক্ষমতালৈ অহাৰ পিছতেই কেন্দ্ৰই হতাশ কৰাৰ দৰেই মধ্যপ্ৰদেশ বিজেপি চৰকাৰেও হতাশ কৰিলে নিবনুৱাসকলক।

মধ্যপ্ৰদেশত নিযুক্তি কাৰ্যালয় চলাবলৈ ২০২০ ৰ ১ এপ্ৰিলৰ পৰা এই পৰ্যন্ত ব্যয় কৰা হৈছে ১৬ কোটি ৭৪ লাখ টকা। এই কাৰ্যালয় সমূহত ৩৭ লাখ ৮০ হাজাৰ ৬৭৯ গৰাকী শিক্ষিত চাকৰি প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰাৰ বিপৰীতে ১ লাখ ১২ হাজাৰ ৪৭৯ গৰাকী নিৰক্ষৰ আৱেদনকাৰীয়ে নাম পঞ্জীয়ন কৰিছে।

কিন্তু ২০২০ ৰ ১ এপ্ৰিলৰ পৰা এই পৰ্যন্ত চাকৰি লাভ কৰিছে মাত্ৰ ২১ জনে। অৰ্থাৎ এটা চাকৰিৰ বাবে চৰকাৰে খৰচ কৰিছে প্ৰায় ৮০ লাখ টকা। মধ্যপ্ৰদেশ বিধানসভা মজিয়াত উন্মোচিত হৈছে এই ভয়াৱহ তথ্য।