ৰাষ্ট্ৰীয়

দুৰ্নীতি বন্ধ কৰিছো বাবে একাংশ লোক মোৰ ওপৰত ক্ষোভিতঃ মোডী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে কয় যে ডিবিটি ,বিদ্যুৎ আৰু পানী সংযোগৰ দৰে চৰকাৰী আঁচনিয়ে দৰিদ্ৰ লোকসকলক সুৰক্ষিত অনুভৱ কৰাইছে। ইয়ে দেশৰ উন্নয়নত সহায় কৰিছে। দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ দি এই মন্তব্য কৰে মোডীয়ে। লগতে কয় যে, একাংশ লোক মোডীৰ ওপৰত ক্ষোভিত হৈ আছে কিয়নো মোডীৰ বাবে তেওঁলোকৰ দুৰ্নীতিৰ দ্বাৰা ধন উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে।

মোডীয়ে কয় যে, বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে এক সংহত দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে। কোনো ধৰণৰ আধৰুৱা পদক্ষেপ লোৱা নাই। ডিবিটিৰ দৰে আঁচনি আৰু দৰিদ্ৰ লোকসকলৰ বাবে বিদ্যুৎ, পানী, শৌচালয় আদিৰ ব্যৱস্থাৰ ফলত দৰিদ্ৰ লোক সকলে নিজকে সুৰক্ষিত অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে , "যি সকলক বিশ্বাস কৰোৱাৃ হৈছিল যে তেওঁলোক দেশৰ উন্নয়নৰ ওপৰত বাধা দিছে। আজি সেই লোকসকলেই দেশৰ উন্নয়নৰ নতুন গাঁঠা লিখি আছে। যেতিয়া ৰাজহুৱা কল্যাণমূলক আঁচনি আৰম্ভ কৰা হৈছিল, বহুলোকে বিজেপি চৰকাৰক উপহাস কৰিছিল। কিন্তু এই আঁচনিৰ দ্বাৰা দেশৰ বিকাশ হৈছে। এতিয়া দৰিদ্ৰ লোক সকলৰ বিশ্বাস হৈছে যে তেওঁলোকে প্ৰাপ্য লাভ কৰিব। এয়াই হৈছে প্ৰকৃত অৰ্থত সামাজিক ন্যায়।