ৰাষ্ট্ৰীয়

ৰেম্পত খোজ কাঢ়ি থাকোতেই যুৱতীৰ ওপৰত বাগৰি পৰিল খুটা, মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ফেশ্বন শ্ব'ৰ মাজতে লোৰ খুটা পৰি মৃত্যু এগৰাকী যুৱতীৰ। নয়দাত সংঘটিত হৈছে এই ঘটনা। দেওবাৰে নয়দাৰ ফিল্ম চিটিৰ লক্ষ্মী ষ্টুডিঅ'ত অনুষ্ঠিত এক ফেশ্বন শ্ব'ত এই অঘটন ঘটে।

মৃত্যু হোৱা ২৪ বছৰীয়া যুৱতীগৰাকী বনশিখা ছোপ্ৰা বুলি চিনাক্ত হৈছে। আৰক্ষীৰ মতে, লাইটৰ বাবে ব্যৱহাৰ কৰা এটা খুটা হঠাতে মঞ্চত বাগৰি পৰে। সেই সময়ত ৰেম্পত খোজ কাঢ়ি আছিল যুৱতী গৰাকী। যাৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ লগতে অন্য যুৱক আহত হয়।

আহত কেইজনক বৰ্তমান হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে আৰক্ষীয়ে ফেশ্বন শ্ব'ৰ আয়োজক আৰু আন ৪ জনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে অনুষ্ঠানটোৰ বাবে আয়োজকসকলে প্ৰশাসনৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা নাছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।