ৰাষ্ট্ৰীয়

মণিপুৰ কাণ্ডত স্তম্ভিত দেশঃ উচ্চতম ন্যায়ালয়ৰ পৰা অক্ষয় কুমাৰলৈ সকলোৰে প্ৰতিক্ৰিয়া...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিগত দুমাহৰো অধিক সময় ধৰি মণিপুৰত অৱ্যাহত আছে হিংসাত্মক পৰিস্থিতি। ইয়াকেলৈ দেশজুৰি সৃষ্টি হৈ আছে প্ৰতিক্ৰিয়া। মেইটেই-কুকি সম্প্ৰদায়ৰে হোৱা গোষ্ঠী সংঘৰ্ষত প্ৰাণ গৈছে এই পৰ্যন্ত ২০০ ৰো অধিক লোকৰ।

ৰাজ্যখনত চলি থকা এনে হিংসাত্মক পৰিস্থিতিৰ মাজতে বুধবাৰে পোহৰলৈ আহিছিল মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য। যোৱা ৪ মে'ৰে ঘটনা আছিল সেয়া। ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ থকাৰ বাবে পোহৰলৈ অহা নাছিল এই দৃশ্য। এই ভিডিঅ' পোহৰলৈ অহাৰ পিছতে দেশজুৰি তোলপাৰ লাগিছে।

তাৰ মাজতে এই ঘটনা সন্দৰ্ভত টুইটাৰৰ জৰিয়তে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বলিউড অভিনেতা অক্ষয় কুমাৰে এই ঘটনা সন্দৰ্ভত টুইটাৰ যোগে কয়, মণিপুৰত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাৰ ভিডিঅ' দেখি বিৰক্ত হৈছোঁ। মই আশা কৰোঁ যে অপৰাধীসকলে এনে এটা পৰ্যায়ত শাস্তি পাব যে কোনেও পুনৰ এনে ধৰণৰ ভয়ংকৰ কাম কৰাৰ কথা ভাবিৱ নোৱাৰিব।'

ইফালে এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় নাৰী আৰু শিশু সৱলীকৰণ বিভাগৰ মন্ত্ৰী স্মৃতি ইৰাণিয়েই মন্তব্য কৰিছে। তেওঁ ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনৰ জৰিয়তে কথা পথাৰ লগতে দোষীয়ে কঠোৰ শাস্তি পাব বুলিও উল্লেখ কৰিছে।

ইফালে এই ঘটনাৰ পাছতে প্ৰথমবাৰৰ বাবে মণিপুৰ সন্দৰ্ভত মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ ক'লে- মণিপুৰৰ মাতৃ-জীয়ৰীক অসন্মান যিসকলে কৰিছে তেওঁলোকক ৰেহাই দিয়া নহ’ব। মহিলাৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।

আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহেয়ো মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনৰ জৰিয়তে কথা পাতিছে। মুখ্যমন্ত্ৰী বীৰেন সিঙে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰোপৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়েয়ো মণিপুৰ সন্দৰ্ভত কয়, চৰকাৰে যদি একো কৰিব নোৱাৰে তেন্তে আমি ব্যৱস্থা গ্ৰহণ কৰিম।