কংগ্ৰেছে ক'লে 'মৌন মোডী' : গৃহমন্ত্ৰীৰ ভ্ৰমণৰ মাজতে মণিপুৰত ২২ জনক আটক...
কংগ্ৰেছে ক'লে 'মৌন মোডী' : গৃহমন্ত্ৰীৰ ভ্ৰমণৰ মাজতে মণিপুৰত ২২ জনক আটক... 
ৰাষ্ট্ৰীয়

কংগ্ৰেছে ক'লে 'মৌন মোডী' : গৃহমন্ত্ৰীৰ ভ্ৰমণৰ মাজতে মণিপুৰত ২২ জনক আটক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মণিপুৰত অব্যাহত আছে উত্তপ্ত পৰিস্থিতি। যোৱা ৩ মে’ৰ পৰা অগ্নিগৰ্ভা হৈ পৰা মণিপুৰত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও এতিয়াও শান্তি ঘূৰি অহা নাই ৰাজ্যখনলৈ।

তাৰ মাজতে ৪ দিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহৰ ভ্ৰমণৰ সময়তো ৰাজ্যখনত অব্যাহত আছে উত্তপ্ত পৰিস্থিতি। আজি ইম্ফলৰ কাষৰীয়া কেইবাটাও অঞ্চলত তালাচী চলোৱাৰ লগতে অভিযান চলাই সেনা আৰক্ষীয়ে বহু কেইজন দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে এই দুৰ্বত্তৰ দলটোৱে ঘৰ জ্বলোৱাৰ অপচেষ্টাত লিপ্ত হৈছিল। সেনা, আৰক্ষীৰ দললৈ লক্ষ্য কৰিও এই দুৰ্বৃত্তৰ দলটোৱে গুলী চালনা কৰিছিল। সেনাৰ সূত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি আজি দিনৰ ভাগত ২২ জন দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। জব্দ কৰা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে ৫ টা ১২ বেৰেল ব’ৰ ডবল ৰাইফল, ৩ টা ছিংগল বেৰেল ৰাইফলৰ লগতে হস্ত নিৰ্মিত অস্ত্ৰও। এই আটাইকেইটা দুৰ্বৃত্তকে সেনাই মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰিছে।

ইফালে দেওবাৰে ইম্ফলৰ কাষৰীয়া চেৰু আৰু চুগনু অঞ্চলত পুনৰ সংঘটিত হৈছে হিংসাত্মক ঘটনা। এই ঘটনাত ১ জন আৰক্ষীসহ ৫ জন লোক নিহত হৈছে। আনহাতে আহত হৈছে ১২ জনকৈ লোক।

ইয়াৰ ফলত ৰাজ্যখনত সৃষ্টি হোৱা হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পাইছে। দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ইম্ফলত শান্তি ঘূৰাই অনাৰ বাবে সেনা আৰক্ষীয়ে অভিযান চলাইছে।

দেওবাৰে এই অভিযানত মাত্ৰ ৮ ঘণ্টাতে ৪০ জনকৈ বিদ্ৰোহীৰ মৃত্যু হৈছে বুলি প্ৰকাশ কৰিছে। ইয়াৰোপৰি তেওঁ উল্লেখ কৰিছে ইম্ফলত সৃষ্টি হোৱা বিদ্ৰোহত সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগাৰিকৰ বিৰুদ্ধে একে-৪৭, এম-১৬, স্নাইপাৰ আদিৰ দৰে মাৰণাস্ত্ৰ ব্যৱহাৰ কৰিছে।

ইফালে মণিপুৰৰ ঘটনা সন্দৰ্ভত বিৰোধীয়ে শাসনাধিস্ত চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে। তাৰ মাজতে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে মঙ্গলবাৰে মণিপুৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব।

এই সন্দৰ্ভত কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে জনোৱা অনুসৰি কংগ্ৰেছ দলটোক নেতৃত্ব দিব সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে। জয়ৰাম ৰমেশে টুইটাৰত লিখিছে, মণিপুৰত ২৫ দিন ধৰি সংঘৰ্ষ অব্যাহত আছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ইম্ফল ভ্ৰমণৰ প্ৰাকমুহূৰ্তত পৰিস্থিতিৰ আৰু অধিক অৱনতি হৈছে।তেওঁ উল্লেখ কৰিছে, ৰাজ্যখনত অনুচ্ছেদ ৩৫৫ জাৰি কৰা স্বত্বেও আইন-শৃংখলা পৰিস্থিতি বহু অৱনতি ঘটিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰ জ্বলি থকাৰ সময়তে তেওঁৰ ‘ৰাজ অভিষেক’ত ব্যস্ত থকা বুলি উল্লেখ কৰি ইয়াক এক ট্ৰেজেডী আখ্যা দিছে।তেওঁৰ স্পষ্ট অভিযোগ মণিপুৰৰ শান্তিৰ বাবে তেওঁ এতিয়ালৈকে কোনো আহ্বান জনোৱা নাই।সেয়ে তেওঁলোকে ৰাষ্ট্ৰপতিক সাক্ষাত কৰিব।