ৰাষ্ট্ৰীয়

পলম হৈছিল ব'ৰ্ডিঙৰ বাবে, বিমানত বোমা থকা বুলি কৈ ৰখাই থ'লে সকলোকে

Asomiya Pratidin

ডিজিটেল ডেস্ক : পখী মৰে ৰৈ, মানুহ মৰে কৈ- এই কথাষাৰ বাৰে বাৰে সঁচা বুলি প্ৰমাণিত কৰি আহিছে জীৱশ্ৰেষ্ঠ মানুহে । ৰাজনৈতিক নেতাৰ পৰা সাধাৰণ জনতালৈ সকলোৱে বিতৰ্কিত মন্তব্য কৰিয়েই বিপদত পৰে সঘনে । ভাৰতৰ দৰে এখন বৈচিত্ৰময় দেশত এই পৰিসংখ্যা সম্ভৱত বিশ্বৰ ভিতৰতে অধিক ।

এনে এক ঘটনাই পুনৰ সংঘটিত হ'ল দেশত । সোমবাৰে হায়দৰাবাদ বিমানবন্দৰৰ পৰা চেন্নাই অভিমুখে উৰা মাৰিবলৈ সাজু হৈছিল এখন বিমান । ইতিমধ্যে বিমানত উপস্থিত প্ৰায় সকলো যাত্ৰীয়েই । তেনেতে চৌদিশে লাগিল হুৱাদুৱা । কোনোৱে বিমানখনত বোমা থকা বুলি খবৰ দিলে । শান্ত বিমানবন্দৰটোত মুহুৰ্তৰ ভিতৰতেই সষ্টম হৈ পৰিল সুৰক্ষা কৰ্মী, বিমানখনৰ পৰা সকলো যাত্ৰীক এক নিৰাপদ দূৰত্বত অৱস্থান কৰোৱা হ'ল । তন্নতন্নকৈ পৰীক্ষা কৰিলে বিমানখন । বোমাৰ কোনো সূংসুত্ৰই নাই ।

এইবাৰ বিচৰা হ'ল বোমা থকা বুলি খবৰ দিয়া মানুহজনক । তেতিয়াহে ওলাল ওৰহী গছৰ ওৰ । খবৰ দিয়া মানুহজনো নিয়ম মতে বিমানখনৰেই যাত্ৰী আছিল । কিন্তু ব'ৰ্ডিঙত পলম হোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাছিল বিমানখনত যাত্ৰা কৰিবলৈ । যিহেতু তেখেতক বিমানখনত যাত্ৰা কৰিবলৈ অনুমতি প্ৰদান কৰা নহ'ল তাৰ শাস্তি দিলে সম্পূৰ্ণ বিমান বন্দৰটোক । ইতিমধ্যে লোকজনৰ ওপৰত ৰুজু কৰা হৈছে গোচৰ আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্তৰ বাবে গ্ৰেপ্তাৰ কৰিছে ।