ৰাষ্ট্ৰীয়

শিহৰণকাৰী ! গুগল-ইউটিউব চাৰ্চ কৰি পৰিকল্পিতভাবে হত্যা কৰিলে মাতৃ-ভাতৃক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে হত্যা-হিংসাত্মক ঘটনা। প্ৰায় প্ৰতিদিনাই দেশৰ প্ৰতিখন ৰাজ্যতে সংঘটিত হয় বিভিন্ন অপৰাধ মূলক ঘটনা। তেনে এক শিহৰণকাৰী অপৰাধ সংঘটিত হৈছে মহাৰাষ্ট্ৰত।

মহাৰাষ্ট্ৰৰ অমৰাৱতীত এজন লোকে মাতৃৰ তথা ভাতৃক হত্যা কৰাৰ কথা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত কৰা সৌৰভ কাপাছে নামৰ যুৱকজনক আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা অনুসৰি মাতৃৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰি এই ঘটনা সংঘটিত কৰে যুৱকজনে।

আৰক্ষীক প্ৰদান কৰা ভাষ্য অনুসৰি সৌৰভে পৰিকল্পিতভাবে হত্যা কৰিছিল দুয়োকে। হত্যাকাণ্ড সংঘটিত কৰিবলৈ চেলাইন বেজীৰ সহায় লৈছিল তেওঁ। চেলাইনত এনাস্থেচিয়া ঔষধ প্ৰদান কৰি এই শিহৰণকাৰী ঘটনা সংঘটিত কৰে।

পলিটেকনিকত ডিগ্ৰী লাভ কৰা সৌৰভে হত্যাৰ পৰিকল্পনা আৰু মৃত্যুৰ বাবে বন্ধু তথা পৰিচিত লোকসকলৰ সহায় লোৱাৰ কথাও ব্যক্ত কৰিছে। তদুপৰি সৌৰভে গুগল আৰু ইউটিউবৰ পৰাও গৱেষণাৰ তথ্য সংগ্ৰহ কৰিছিল।