ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰত কৃষকৰ জয়, ক্ষতিপূৰণ দিবলৈ বাধ্য সিন্ধে চৰকাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সামগ্ৰীৰ নিম্ন মূল্য আৰু অকাল প্ৰাকৃতিক দুৰ্যোগৰ ফলত শস্যৰ ক্ষতিৰ বাবে লোকচানৰ সন্মুখীন হৈছিল বাবে মহাৰাষ্ট্ৰৰ কৃষকসকল ৷ যাৰ বাবে ক্ষতিপূৰণ বিচাৰি পদপথলৈ ওলাই আহিছিল হাজাৰ হাজৰ কৃষক ৷ প্ৰতিবাদৰ অংশ হিচাপে নাছিকৰ পৰা মুম্বাই অভিমুখে ২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ 'দীঘলীয়া পদযাত্ৰা'ৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল কৃষকে ৷ প্ৰতিবাদকাৰীসকলে পিয়াজ খেতিয়কসকলক প্ৰতি কুইন্টালত 600 টকাৰ সাহাৰ্য প্ৰদানৰ লগতে ১২ ঘণ্টাৰ নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান, আৰু কৃষি ঋণ ৰেহাই দাবী জনাইছিল।

প্ৰতিবাদী কৃষকৰ পদযাত্ৰাৰ পিছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেই কৃষকসকলৰ প্ৰতিশ্ৰুতি প্ৰদানৰ আশ্বাস দিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক বিধানসভাত কৃষকৰ প্ৰতিনিধি দলৰ সৈতে আলোচনা কৰা বুলি মন্তব্য কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতেই কৃষকসকলে পদযাত্ৰা স্থগিত ৰাখিছে ৷

এই পদযাত্ৰাৰ নেতৃত্ব দিছিল নেতা জীৱা পাণ্ডু গাভিটে ৷ লগতে প্ৰাক্তন বিধায়ক গাভিটে কয় যে ৰাজ্য চৰকাৰে ইয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে৷ লগতে জিলা উপায়ুক্তসকলে নাছিক আৰু আন কেইবাটাও ঠাই ভ্ৰমণ কৰিছে। সেয়া আমি এই প্ৰতিবাদ প্ৰত্যাহাৰ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ ইয়াৰ উপৰিও তেওঁ কয় যে এতিয়া আমাৰ কৃষকসকল নিজ ঘৰলৈ ঘূৰি গৈছে ৷

প্ৰতিবাদৰ পিছতেই পিয়াজ খেতিয়কসকলক বিত্তীয় সকাহ হিচাপে প্ৰতি কুইনন্টলত ৩৫০ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে ৷