ৰাষ্ট্ৰীয়

শাৰদ পাৱৰক মোক্ষম আঘাত! অজিত পাৱাৰৰ গোটতোহে প্ৰকৃত এনচিপি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অজিত পাৱাৰ আৰু শাৰদ পাৱাৰৰ মাজত চলি থকা বিবাদৰ মাজতেই মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষই এনচিপিক বিতৰ্ক সন্দৰ্ভত ছীল মোহৰ মাৰে। অধ্যক্ষ ৰাহুল নাৰ্বেকৰে এই সন্দৰ্ভত কয় যে অজিত পাৱাৰৰ গোটতেহে প্ৰকৃত এনচিপি। তেওঁ কয় যে অজিত পাৱাৰৰ গোটতোৰ হাতত ৪১ জন বিধায়কৰ সমৰ্থন আছে। গতিকে এই গোটতোৱে প্ৰকৃত এনচিপি।

৩০ জুন ২০২৩ ত অজিত পাৱাৰত এনচিপিৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছিল। তাৰপাছত নিৰ্বাচন আয়োগে ৬ ফেব্ৰুৱাৰীৰ নিশা অজিত পাৱাৰ গোটক প্ৰকৃত এনচিপি বুলি কৈছিল। ৬মাহ ধৰি চলি থকা ১০ টা শুনানিৰ পিছত, আয়োগে এনচিপি আৰু নিৰ্বাচনী প্ৰতীক ঘড়ী অজিত গোটক দিছিল। নিৰ্বাচন আয়োগে কৈছিল যে বিধায়কৰ সংখ্যাগৰিষ্ঠতাই অজিত গোটটোক এনচিপিৰ নাম আৰু প্ৰতীক পোৱাত সহায় কৰিছিল।

নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ পাছত শাৰদ পাৱাৰে প্ৰায় নিশ্চিত আছিল যে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰে তেওঁৰ গোটতোৰ বিৰুদ্ধে ৰায় দিব।

উল্লেখ্য যে, অজিত পাৱাৰে ২ জুলাই ২০২৩ তাৰিখে এনচিপিৰ ৮ জন বিধায়কৰ সৈতে মহাৰাষ্ট্ৰৰ শিন্দে চৰকাৰত যোগদান কৰিছিল। তেওঁ এনচিপিৰ ৪০ জন বিধায়কৰ সমৰ্থন দাবী কৰিছিল। পৰৱৰ্তী সময়ত অজিত পাৱাৰক বিজেপি-চিন্দেৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰত উপ মুখ্যমন্ত্ৰী কৰা হৈছিল। দেৱেন্দ্ৰ ফাডনাভিছ উপ মুখ্যমন্ত্ৰীও।

উপ মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৫ জুলাইত অজিত পাৱাৰে এনচিপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদৰ পৰা শাৰদ পাৱাৰক অপসাৰণ কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ নিজকে নতুন ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে ঘোষণা কৰিছিল।