সলনি হ'ব দেশৰ ৰাজনীতিঃ 'মৃত্যু' হ'ব এখন চৰকাৰৰ ! ছুটিত গৈছে মুখ্যমন্ত্ৰী...
সলনি হ'ব দেশৰ ৰাজনীতিঃ 'মৃত্যু' হ'ব এখন চৰকাৰৰ ! ছুটিত গৈছে মুখ্যমন্ত্ৰী...  
ৰাষ্ট্ৰীয়

সলনি হ'ব দেশৰ ৰাজনীতিঃ 'মৃত্যু' হ'ব এখন চৰকাৰৰ ! ছুটিত গৈছে মুখ্যমন্ত্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শীঘ্ৰেই সলনি হ'ব দেশৰ ৰাজনীতি ! সলনি হ'ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী। উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাই (ইউ বি টি) দাবী কৰিছে যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই শীঘ্ৰেই হেৰুৱাব মুখ্যমন্ত্ৰীৰ পদ।

তেওঁ এই পদৰ পৰা পদত্যাগ কৰিবলৈ গৈ আছে। শিৱসেনাৰ মুখপত্ৰ 'সামনা'ৰ সম্পাদকীয়ত এই দাবী কৰা হৈছে। সামনাত উল্লেখ কৰিছে, যিসময়ত সিন্দে গোটে সিন্দেৰ মুখ্যমন্ত্ৰীৰ আসন ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে সেই সময়ত উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ শিবিৰে তেওঁৰ সৈতে মিঠা মিঠা কথা পাতি পিঠিৰ পিছফালে অন্য এখন খেল খেলি আছে।

তেওঁৰ মুখ্যমন্ত্ৰী নিশ্চিত ভাৱে যাব। এই সন্দৰ্ভত শিৱসেনাৰ সাংসদ তথা সামনাৰ কাৰ্যবাহী সম্পাদক সঞ্জয় ৰাউতে কয়, মুখ্যমন্ত্ৰী একনাথ সিন্দে তেওঁৰ জন্ম জিলা সাতাৰালৈ গৈছে। তেওঁৰ ছুটি বৃদ্ধি হ'ব পাৰে।

ইয়াৰ উপৰিও তেওঁ কয়, সিন্দেয়ে ভাবে তেওঁ দৰিদ্ৰসকলৰ ত্ৰামকৰ্তা। কিন্তু তেওঁ হেলিকপ্টাৰেৰে তিনিদিনীয়া ছুটিত যায়। অৱশ্যে সঞ্জয় ৰাউটৰ এই অভিযোগ প্ৰত্যাখ্যা কৰি সিন্দে গোটৰ মুখপাত্ৰ নৰেশ মচকে কয়, মুখ্যমন্ত্ৰী ছুটিত নহয়, চৰকাৰী ভ্ৰমণত গৈছে।

একনাথ সিন্দেও কৈছে তেওঁ ছুটিত যোৱা নাই। ইয়াৰ পূৰ্বে সঞ্জয় ৰাউটে দাবী কৰিছিল মহাৰাষ্ট্ৰৰ একনাথ সিন্দে চৰকাৰৰ মৃত্যু পৰোৱানা জাৰি হৈছে। অহা ১০-১৫ দিন ভিতৰত এই চৰকাৰৰ মৃত্যু হ'ব।