১১ জনলৈ বৃদ্ধি মধ্যপ্ৰদেশৰ ধাৰাবাহিক বিস্ফোৰণত মৃতকৰ সংখ্যা...
১১ জনলৈ বৃদ্ধি মধ্যপ্ৰদেশৰ ধাৰাবাহিক বিস্ফোৰণত মৃতকৰ সংখ্যা... 
ৰাষ্ট্ৰীয়

১১ জনলৈ বৃদ্ধি মধ্যপ্ৰদেশৰ ধাৰাবাহিক বিস্ফোৰণত মৃতকৰ সংখ্যা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ অবৈধ ফটকা নিৰ্মাণ কাৰখানত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১১ জনলৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ হাৰদা জিলাৰ বইৰাগৰ অঞ্চলত প্ৰশাসনৰ চকুত ধুলি অবৈধভাৱে চলি থকা এই ফটকা নিৰ্মাণ কাৰখানাত মঙ্গলবাৰে সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণৰ পাছতেই ৩ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

এই বিস্ফোৰণত ১৭০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ হাস্পতালত এতিয়াও চিকিৎসাধীন হৈ আছে। মঙ্গলবাৰৰ বিস্ফোৰণ সন্দৰ্ভত স্থানীয় লোকে জনোৱা অনুসৰি কাৰখানাত মঙ্গলবাৰে এটাৰ পাছত এটাকৈ ধাৰাবাহাকিভাৱে কেইবাটাও বিস্ফোৰণ সংঘটিত হয়।

ফলত ক'লা ধোঁৱাই আৱৰি ধৰে সমগ্ৰ অঞ্চলটো। এই বিস্ফোৰণৰ ফলত কাষৰীয় প্ৰায় ৬০ টাকৈ ঘৰ ভস্মীভূত হৈছে। ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ সংখ্যা প্ৰায় ১০০ টা। আহতৰ সংখ্যা ১৭৪ জন বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফটকা নিৰ্মাণ কাৰখানাৰ গৰাকী ৰাজেশ আগৰৱালক। জানিব পৰা মতে বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে ৰাজেশ আগৰৱালে গাড়ীৰে দিল্লীলৈ পলাই যোৱাৰ চেষ্টা চলাইছিল।

কিন্তু আধা বাটতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি এই ঘটনাৰ সৈতে সম্পৰ্ক থকা সোমেশ আগৰৱাল আৰু ৰফিক খান নামৰ আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইফালে এই বিস্ফোৰণত নিহত হোৱা লোকসকলৰ পৰিয়ালৰ লোকক ২ লাখকৈ টকা সাহায্য হিচাপে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই ঘটনাত শোক প্ৰকাশ কৰিছে দেশৰ ৰাজনৈতিক দলসমূহৰ লগতে বিভিন্ন ৰাজনৈতিক নেতাই।

আনহাতে মধ্যপ্ৰদেশত এইদৰে মুকলিকৈ আৰক্ষীৰ চকুত ধুলি দি বৃহৎ পৰিষৰ ফটকা নিৰ্মাণ কৰাখানা চলি থকা বিষয়টো এতিয়া ৰাজনৈতিক চৰ্চাৰ বিষয় হৈ পৰিছে। বিশেষকৈ বিজেপি শাসিত ৰাজ্যখনত এই ঘটনা ঘটাৰ পাছতে এতিয়া তৃণমূল কংগ্ৰেছৰ নেতৃত্বই বিজেপিক কটাক্ষ কৰিছে। পশ্চিমবংগত সংঘটিত একাধিক বিস্ফোৰণৰ ঘটনাৰ পাছত বিজেপিয়ে টি এম চিক দোষাৰোপ কৰিছে।