lunar-eclipse
lunar-eclipse 
ৰাষ্ট্ৰীয়

আজি বছৰটোৰ অন্তিম চন্দ্ৰ গ্ৰহণ, জানক সময় আৰু ক'ৰ পৰা হ'ব দৃশ্যমান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ২৮ অক্টোবৰত হ'ব বছৰটোৰ শেষৰটো চন্দ্ৰ গ্ৰহণ। শাৰদ পূৰ্ণিমাৰ ( হিন্দু চন্দ্ৰ বৰ্ষৰ আহিন মাহৰ পূৰ্ণ চন্দ্ৰ তিথি) নিশা হ'ব এই চন্দ্ৰ গ্ৰহণ। যেতিয়া পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজেৰে পাৰ হৈ যায় তেতিয়া চন্দ্ৰগ্ৰহণ হয়। চন্দ্ৰগ্ৰহণ পূৰ্ণিমাত হয়।

জ্যোতিষ শাস্ত্ৰ মতে আজি চন্দ্ৰ গ্ৰহণ নিশা ১১.৩০ বজাৰ পৰা আৰম্ভ হৈ ৩.৫৬ বজাত শেষ হ'ব। কিন্তু আংশিক গ্ৰহণ ২৯ অক্টোবৰৰ নিশা প্ৰায় ১:০৫ বজাত হ'ব আৰু ২:২৩ বজাত সমাপ্ত হ'ব।

আজিৰ চন্দ্ৰগ্ৰহণটো ভাৰতত দৃশ্যমান হ'ব। সেয়ে ইয়াক সূতক কাল হিচাপে মনা যাব। ভাৰতৰ উপৰি এই চন্দ্ৰগ্ৰহণ আমেৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু অন্যান্য স্থানতো দেখা যাব।

জ্যোতিষ শাস্ত্ৰ মতে, চন্দ্ৰগ্ৰহণৰ সময়ত দেৱ-দেৱীক উপাসনা কৰিব নালাগে। তাৰোপৰি খাদ্য বনোৱা আৰু খোৱাও হানিকাৰক এই সময়চোৱাত। ইয়াৰোপৰি চন্দ্ৰগ্ৰহণ সময়ত খালী ঠাইত যাব নালাগে বুলি কয়। চন্দ্ৰগ্ৰহণৰ সময়ত কোনো শুভ কামৰ আৰাম্ভণী কৰিব নালাগে কিয়নো এই সময়ত নকাৰাত্মক শক্তি বৃদ্ধি হয়।