ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধোধন কৰিব দেশৰ সৰ্ববৃহৎ সাগৰীয় দলং

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধোধন কৰিব দেশৰ সৰ্ববৃহৎ সাগৰীয় দলং ৷ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ নামেৰে অটল বিহাৰী বাজপেয়ী সেৱৰী-নভা শ্বেভা সেতুখন নামাকৰণ কৰা হৈছে। প্ৰায় ১৭,৮৪০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অটল সেতু ভাৰতৰ আটাইতকৈ দীঘল দলং।

এই দলংখন বিশ্বৰ ভিতৰত ১২নং দীঘলীয়া সাগৰীয় দলং। বিভিন্ন নতুন প্ৰযুক্তি ব্যৱহাৰেৰে নিৰ্মাণ কৰা হৈছে এই সেতুখন। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ ব্যাস, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন উদ্বোধন কৰিব ৷

এই অটল সেতুয়ে মুম্বাই, মেগাচিটি আৰু নতুন মুম্বাইক সংযোগ। মুম্বাই-পুনে এক্সপ্ৰেছৱে, মুম্বাই-গোৱা ঘাইপথ আৰু নিৰ্মাণৰত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক এই দলংখনে সংযোগ কৰাৰ লগতে সেৱৰী, শিৱাজী-নগৰ, চিৰলে আৰু অন্যান্য গুৰুত্বপূৰ্ণ স্থানতো দলংখনে সংযোগ কৰিব। অটল সেতুৱে মুম্বাই আৰু পুনেৰ মাজৰ যাত্ৰা সময় বহু পৰিমাণে হ্ৰাস কৰিব।

অটল সেঁতুৰে যাত্ৰা কৰোতে প্ৰতিখন অটোম’বাইলৰ একমুখী টোল ২৫০ টকা নিৰ্ধাৰণ কৰা হৈছে। এই সেঁতুৰে যাতায়ত কৰাৰ সময়ত গাড়ীৰ গতিৰ সীমাৱদ্ধতা থাকিব । গাড়ী, টেক্সি, সৰু মটৰ গাড়ী, মিনিবাছ , দুখলপীয়া বাছকে ধৰি বাহনৰ বাবে সৰ্বোচ্চ গতিৰ সীমা ঘণ্টাত ১০০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে।

তথ্য অনুসৰি এই সেতুত মটৰবাইক, অটোৰিক্সা, ট্ৰেক্টৰৰ অনুমতি দিয়া নহ’ব । সাগৰীয় দলঙখনৰ সুৰক্ষা সুৰক্ষিত কৰা আৰু যিকোনো সম্ভাৱ্য পৰিঘটনাৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।