ৰাষ্ট্ৰীয়

লোকসভা নিৰ্বাচনঃ অনলাইন লেনদেনত নজৰ ৰাখিব RBI য়ে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ইলেক্ট্ৰনিক পেমেণ্ট মোডৰ অপব্যৱহাৰ সন্দৰ্ভত নন-বেংকিং পেমেণ্ট চিষ্টেম অপাৰেটৰক নজৰ ৰখাৰ নিৰ্দেশ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নন-বেংকিং পেমেণ্ট চিষ্টেম অপাৰেটক বৃহৎ পৰিমাণৰ লেনদেন বা সন্দেহজনক লেনদেনসমূহ অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

লোকসভা নিৰ্বাচনৰ সময়ত ডিজিটেল পেমেণ্টৰ ব্যৱহাৰক লৈ ভাৰতৰ নিৰ্বাচন আয়োগ চিন্তিত বুলি জানিবলৈ দিয়ে আৰ বি আয়ে। নিৰ্বাচনৰ সময়ত ভোটাৰক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে অনলাইন পেমেণ্টৰ জৰিয়তে ধন হস্তান্তৰ কৰা বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সৈতে ধনৰ অবৈধ লেনদেন হ'ব পাৰে বুলি সন্দেহ কৰিছে নিৰ্বাচন আয়োগে।

নিৰ্বাচনৰ সময়ত ডিজিটেল পেমেণ্ট নিৰীক্ষণৰ বাবে আৰ বি আইয়ে বিশেষভাৱে নিৰ্দেশনা জাৰি কৰিছে। সমান্তৰালকৈ কেন্দ্ৰীয় বেংকেও স্পষ্ট কৰি দিছে যে আৰ বি আইৰ নিৰ্দেশৰ উদ্দেশ্য "নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকললৈ পুঁজি হস্তান্তৰ বন্ধ কৰা।"