ৰাষ্ট্ৰীয়

দেৱালীৰ দিনা বিক্ৰী কোটি টকাৰ সুৰা

Asomiya Pratidin

ডিজিটেল ডেস্ক : পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে দেশৰ ৰাজধানীত দিল্লীত বিক্ৰী হৈছে ১০০ কোটি টকাৰ সুৰা। ৰাজধানীখনৰ নাগৰিকে সেৱন কৰিছে ১০০ কোটি টকাৰ সুৰা।

চৰকাৰী সূত্ৰই সদৰী কৰামতে যোৱা ২৭ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈকে দিল্লীৰ নাগৰিকে ক্ৰয় কৰিছিল ২,৫৮,১৯,৯৮৮টা সুৰাৰ বটল। উল্লেখ্য যে, বিগত বৰ্ষৰ তুলনাত দেৱালীৰ সময়ত ক্ৰয়ৰ এই ঘটনা ৩১ শতাংশলৈ বৃদ্ধি পাইছে।

অৱশ্যে দেৱালীত দিল্লীত ড্ৰাই ডে' ঘোষণা কৰা হয় আৰু সিদিনা ৩৬০খন সুৰাৰ দোকান বন্ধ থাকে।